ডিলিমিটেচনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ জাতীয় পৰিষদৰ
গুৱাহাটীঃ সমষ্টি পুনৰগঠন স্থগিত ৰখাৰ আৰ্জিৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল অসম জাতীয় পৰিষদ৷ ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা উক্ত পদক্ষেপটো স্থগিত ৰখাৰ দাবীৰে আজি দলটোৱে সৰ্বোচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে৷ গোচৰ নম্বৰ ২৬৩৯৯/২০২৩৷ অসম জাতীয় পৰিষদ বনাম ইউনিয়ন অৱ ইণ্ডিয়া শিৰোনামেৰে পঞ্জীয়নভূক্ত হোৱা গোচৰটোত জাতীয় পৰিষদৰ হৈ আইনী যুঁজ আগবঢ়াব দলৰে উপসভাপতি তথা বিশিষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মনিষ গোস্বামীয়ে তথা অন্যান্যসকলে৷