বকোত সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক হস্তান্তৰ কৰাৰ দাবীত সাংবাদিক সন্থাৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট
বকোঃ বিগত ২৪ জুনৰ সন্ধিয়া জামবাৰীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰি সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ পেলাই দিয়ে জামবাৰীৰ কলহী নৈত৷ যুৱ সাংবাদিক গৰাকীৰ মোবাইল ফোন ২৫জুনৰ পুৱা উদ্ধাৰ হৈছিল আৰু ২৬ জুনৰ দিনা পুৱা কলহী নদীত আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ উদ্ধাৰ হয়। আনহাতে সৎ আৰু সাহসী সাংবাদিক গৰাকীৰ মৃতদেহ ২৬জুনৰ পুৱা জামবাৰী কলহী নৈ উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছৰে পৰা সমগ্ৰ দক্ষিণ কামৰূপতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃতদেহ উদ্ধাৰ হোৱা তথা হত্যা কাণ্ডৰ ঘটনাৰ কোনো ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসনে। ইফালে আব্দুল ৰৌফ আলমগীৰৰ
হত্যাকাণ্ডৰ তদন্ত লেহেমীয়া হোৱা বুলি সমালোচনা কৰে সচেতন মহলৰ লগতে দক্ষিণ কামৰূপৰ সাংবাদিক মহলে। প্ৰয়াত সাংবাদিক গৰাকীৰ মৃত্যৰ উচিত তদন্ত বিচাৰি আজি গৰৈমাৰী – কালাতলী আৰু সোণতলী চমুকৈ জি কে এছ প্ৰেছ ক্লাৱৰ উদ্যোগত ছয়গাঁও প্ৰেছ ক্লাৱ,বকো প্ৰেছ ক্লাৱ আৰু নগৰবেৰা সাংবাদিক সন্থাৰ সহযোগত বকোৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখৰ গান্ধী মৈদান প্ৰাংগনত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখ্য যে পুৱা সাংবাদিক গৰাকীৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক হস্তান্তৰ কৰাৰ দাবীত দক্ষিণ কামৰূপৰ সাংবাদিক সকলে অপৰাধীক চিনাক্ত কৰি উপযুক্ত শাস্তি দিয়ক, সাংবাদিক আব্দুল ৰৌফ
আলমগীৰৰ হত্যাকাণ্ডৰ বিচাৰ লাগে, সাংবাদিকৰ নিৰাপত্তা সু- নিশ্চিত কৰক, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। সাংবাদিক সকলৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট কবি তথা অসম চৰকাৰৰ ৰাম গগৈ বঁটা লাভ কৰা কবি সাহিত্যিক বিৰিঞ্চি ৰাভা, কবি সাহিত্যিক তথা গীতিকাৰ সুৰেন্দ্ৰ স্বৰ্গীয়াৰী, কোচ ৰাজবংশী যুৱ নেতা তথা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি অনুপম দাসৰ উপৰিও বহু সংখ্যক সামাজিক ব্যক্তি৷ ইফালে প্ৰায় দুই শতাধিক সাংবাদিকৰ উপস্থিতিত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘটৰ শেষত বকো ৰাজহ চক্ৰৰ
চক্ৰ বিষয়া দিৱস বৰদলৈৰ জৰিয়তে এখন স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে৷ যুৱ সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক প্ৰদান কৰিবলৈ জি কে এছ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুৰ ৰহিম, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান চৌধুৰী, ছয়গাঁও প্ৰেছ ক্লাৱৰ ভগৱান দাস, বকো প্ৰেছ ক্লাৱৰ সম্পাদক বিষ্ণু ৰাম দাস, নগৰবেৰা সাংবাদিক সন্থাৰ সভাপতি আব্দুল লতিফ চৰকাৰ, সাধাৰণ সম্পাদক আহমেদ ইমতিয়াজ বুলবুল, আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি হাচানুৰ আহমেদৰ স্বাক্ষৰ যুক্ত স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে।