ashomiyapatrika.com

১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাঃ হত্যাকাৰীক ফাচীৰ দাবীত সোনাপুৰ থানাৰ সম্মুখত উত্তাল প্ৰতিবাদ শতাধিকৰ

0 56

গুৱাহাটীঃ কোন দিশে গতি কৰিছে মানৱ সমাজ। সঘনাই সংঘটিত হবলৈ ধৰিছে মানৱ সমাজক লজ্জানত কৰা ঘটনা৷ অন্যটো বাদেই ৰাজ্যত এতিয়া সুৰক্ষিত নহয় কিশোৰীও৷ শেহতীয়াকৈ মহানগৰীৰ সোণাপুৰ থানা এলেকাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ফুলকুমলীয়া কিশোৰী গৰাকীক হত্যাৰ গোচৰত অভিযুক্ত হত্যাকাৰী বাবুল টুমুঙক ফাচী দিয়াৰ দাবীত আজি শ শ স্হানীয় লোকে সোনাপুৰ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে বুধবাৰে কিশোৰীগৰাকী ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই গৈ নিখোজ হৈছিল৷ কিশোৰীগৰাকী নিখোজ সন্দৰ্ভত পৰিয়ালৰ লোকে

থানাত এজাহাৰ দাখিল কৰিছিল৷ পৰিয়ালৰ এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু হত্যাকাণ্ডত অভিযুক্ত অট’চালক বাবুল টুমুঙে(৩৫)ক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে কিশোৰীগৰাকীক হত্যা কৰি ডিগাৰু নৈত মৃতদেহ পেলাই দিছিল হত্যাকাৰীয়ে। পিছত ডিগাৰু নৈত উদ্ধাৰ হৈছিল ১৬বছৰীয়া কিশোৰীৰ মৃতদেহ৷ আৰক্ষীৰ জেৰাত হত্যাকাৰী বাবুল টুমুঙে সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে৷ ঘটনাত আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ প্ৰথমে অপহৰণ তাৰ পিছত ধৰ্ষণ কৰি হত্যা কৰা ঘটনাত জড়িত প্ৰতিজন ব্যক্তিক আটক কৰি উচিত শাস্তি দিবলৈ কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে স্হানীয় লোকেও আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰে৷

Leave A Reply

Your email address will not be published.