৫টকাকৈ বৃদ্ধি হব গাখীৰৰ মূল্য
গুৱাহাটীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ দিয়াৰ মাজতে শেহতীয়া গাখীৰৰ মূল্যবৃদ্ধিয়ে চকু কপালত তুলিছে মহানাগৰিকৰ৷ গুৱাহাটীবাসীৰ বাবে গাখীৰ এতিয়া বিলাসী সামগ্ৰীত পৰিনত হৈছে৷ পশুখাদ্যৰ দাম বৃদ্ধিৰ বাবে গুৱাহাটী গো পালক সন্হাই এতিয়াৰে পৰা প্ৰতিলিটাৰত ৫টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে৷ যাৰ বাবে এতিয়াৰ পৰা গুৱাহাটীৰ গ্ৰাহকসকলে এক লিটাৰ গাখীৰৰ বাবে পৰিশোধ কৰিব লাগিব ৭০ টকা৷ আনকি গাখীৰৰ দাম এনেধৰনে বৃদ্ধি হলে মিঠাইৰ দামো বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ গো পালক সন্হাই দাম বৃদ্ধিৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ গুৱাহাটী মহানগৰীতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মিঠাই ব্যৱসায়ীৰ লগতে সাধাৰণ লোকেই গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷