ashomiyapatrika.com

বকো আৰক্ষীৰ সফল অভিযানত ছমৰীয়াপামত গাঞ্জা সহ আটক চোৰাং ব্যৱসায়ী ছাহেদ আলী

0 53

বকোঃ ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ মুৰৰ কামৰণি সৃষ্টি কৰা অবৈধ সামগ্ৰী ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে কামৰূপ জিলাৰ সোনতলী অঞ্চল। এই অঞ্চল সমুহত সঘনাই সংঘটিত হয় ভাং, গাঞ্জা, আফিং, দ্ৰাগছ, হেৰোইনৰ দৰে বিষধৰ মাৰাত্মক দ্ৰব্যৰ বেহা। আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যিমানে বাধাৰ সৃষ্টি নকৰক কিয় এচাম ধূৰন্ধৰ বণিকৰ বাবে বন্ধ কৰিব পৰা নাই এনে দূস্কাৰ্য্য। উল্লেখ্য যে যোৱা নিশা প্ৰায় ৯:৩০ বজাত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত তথা সোনতলী আৰক্ষীৰ পহৰা চকীৰ এলেকাৰ ছমৰীয়া পামৰ পৰা ১৬ কিলো ২০০ গ্ৰাম অবৈধ গাঞ্জা সহ আটক কৰে অসাধু বেপাৰী মঃ ছাহেদ আলীক। প্ৰাপ্ত খৱৰ অনুসৰি বকো আৰক্ষী থানাৰ

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথৰ তৎপৰতাত সোনতলী আৰক্ষী পহৰা চকীৰ বিষয়াৰ সহযোগত জব্দ কৰে গাঞ্জা সহ ব্যৱসায়ী জনক। জানিব পৰা মতে অবৈধ সামগ্ৰী গাঞ্জা ব্যৱসায়ী ছাহেদ আলীয়ে দীৰ্ঘদিন ধৰি সোনতলী অঞ্চলত চলাই আহিছিল এই মাৰাত্মক দ্ৰব্যৰ ব্যৱসায়। ইফালে ছমৰীয়া পামৰ মঃ আমজাদ আলীৰ পুত্ৰ ছাহেদ আলীক আটক কৰাত অঞ্চলটোৰ সমাজ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। আৰক্ষীক এনে দূস্কাৰ্য্য ৰোধ কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে।

Leave A Reply

Your email address will not be published.