শিশু সুৰক্ষা সম্পৰ্কীয় বাটৰ নাট প্ৰদৰ্শন
ওদালগুৰি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত শিশু সুৰক্ষাৰ ৯০ দিনীয়া প্ৰচাৰ অভিযান
ওদালগুৰিঃ অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ আহ্বান মৰ্মে আজি ওদালগুৰি জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক শিশু সুৰক্ষাৰ ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ অংশস্বৰূপে আজি জিলাখনৰ টংলা,ডিমাকুছি, ঔৰংগাজুলি, ওদালগুৰি চহৰকে ধৰি বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰে। শৈশৱৰ ধেমালিবোৰ নিনিব কাঢ়ি, গঢ়ো আহক অসমক শিশুৰ পৃথিৱী কৰি আপ্তবাক্যশাৰীক সৰোগত কৰি ওদালগুৰি জিলাৰ শিশু সুৰক্ষা গোট, জিলা প্ৰশাসনে ইতিমধ্যে বিভিন্ন ঠাইত ধাৰাবাহিক শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বাল্য বিবাহ,
শিশু শ্ৰমিক, শিশু সৰবৰাহ সম্পৰ্কীয় উক্ত বাটৰ নাট খনত ভ্ৰাম্যমান অভিনেতা ডালিম মেধিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে নাটখন পৰিচালনা কৰে। নাটৰ লগতে সংগতি ৰাখি শিশু সুৰক্ষা সম্পৰ্কীয় বার্তাৰ পত্ৰ বিতৰণ কৰা হয়। শিশু সুৰক্ষা বিষয়া ড° পল্লৱী শৰ্মা, শিশু সুৰক্ষা গোটৰ কোষাধ্যক্ষ প্ৰণৱ তালুকদাৰৰ লগতে চাইল্ড লাইনৰ সংগঠক সকল উক্ত অনুষ্ঠানটোত উপস্থিত থাকি সহযোগ কৰে।