ashomiyapatrika.com

অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা

0 46

গুৱাহাটীঃ যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাৎত কালত সাংসদ গৰাকীয়ে মন্ত্ৰী গৰাকীক সোনকালে যোৰহাট -দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমনৰ নামত অধিক সময় অপব্যয় নহব। বিমানৰ টিকটৰ অত্যাধিক ভাড়া দিবলগীয়া নহয়। শিক্ষাৰ্থী, ৰোগী, ব্যৱসায়ী, পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হব। সেয়েহে মন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰবলৈ টানি অনুৰোধ জনাইছিল। সাংসদ গৌৰৱ গগৈৰ প্ৰত্ৰৰ সহাৰি দি যোৱাকালি অসামৰিক পৰিবহন মন্ত্ৰী নাইডুয়ে প্ৰত্ৰযোগে জনায় যে অহা অক্টোবৰ মাহৰ পৰা পুনৰ যোৰহাট-দিল্লীৰ মাজত spicejet পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব পৰা যাব।

Leave A Reply

Your email address will not be published.