দ্বিতীয় বাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত অখিল চন্দ্ৰ নাথ, পঞ্চম বাৰৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে প্ৰধান সম্পাদকৰ পদত ৰাতুল চন্দ্ৰ গোস্বামী
হাইলাকান্দিঃ হাইলাকান্দি চহৰৰ বক্ষত অৱস্থিত ৰবীন্দ্ৰ ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ অন্তিম দিনত পুৱা নবজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয় নিৰ্বাচনী সভাৰ শেষ বৈঠক অনুস্থিত হয়। সভাৰ আৰম্ভণিতে সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। তাৰ পাছতে নিৰ্বাচনী বিধি সমূহ মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ লোচন সন্দিকৈয়ে আন দুগৰাকী নিৰ্বাচনী বিষয়া সুব্ৰত ধৰ আৰু আনোৱাৰ হুচেইনৰ উপস্থিতিত সভাক অৱগত কৰে। নিৰ্বাচনৰ আগে আগে
উমেশ পাদুন আৰু ফণী চৰন কাকতীক অৱসৰ গ্ৰহণৰ পাছতো অধিবেশনলৈ আহি কৰ্মজীৱনৰ দৰেই সন্মিলনীৰ এজন হৈ থকাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতেই সভাপতিয়ে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি ঘোষণা কৰে। বিজনী মহকুমাই প্ৰথম ভোটদান কৰি ভোটদান প্ৰক্ৰিয়া আন মহকুমা সমূহৰ বাবে মুকলি কৰে। দ্বিতীয় বাৰৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত অখিল চন্দ্ৰ নাথ আৰু পঞ্চম বাৰৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে প্ৰধান সম্পাদকৰ পদত ৰাতুল চন্দ্ৰ গোস্বামী বিজয়ী হয়।লগতে বিনা প্ৰতিদ্বন্দিতাৰে উপ সম্পাদিকাৰ পদত মণীষা দত্ত, সৰ্বভাৰতীয় সদস্যাৰ বাবে কল্পনা দাস বিটিএডি সংৰক্ষিত সহঃ সম্পাদকৰ বাবে বিকাশ চুবেদী,
অধিৱেশন অনুষ্ঠিত থলীৰ সংৰক্ষিত সহঃ সম্পাদকৰ বাবে ফাইজুল হক মাজাৰ ভূঞা, হিচাব পৰীক্ষকৰ বাবে সঞ্জীৱ নেওগ আৰু অনিল বৰুৱা জয়ী হয়। ভোট গণনাৰ অন্তত নিৰ্বাচনী বিষয়াই আলহাজ শ্বৰীফ হাচান , ত্ৰিদীপ বৰুৱাক উপ সভাপতি, বৰাক সংৰক্ষিত উপ সভাপতিৰ পদত চৈয়দ আহমেদ লস্কৰ, নীলাক্ষী গগৈক উপ সভানেত্ৰী শৈলেন্দ্ৰ কলিতা, দীপাংকৰ শৰ্মাক উপ সম্পাদক, কেশদা বৰুৱাক সহ সম্পাদিকা, চমছেৰ আহমেদক কোষাধ্যক্ষ আৰু সৰ্বভাৰতীয় সদস্যৰ বাবে মোহন হালৈ, দীপাংকৰ কোঁৱৰ, পৰেশ বৰা, বিবেকানন্দ চৰকাৰ, পৱন কুমাৰ ঝা, যুগল দাসৰ নাম ঘোষণা কৰাৰ পাছতেই আগন্তুক দ্বি-বৰ্ষৰ বাবে অখিল চন্দ্ৰ নাথ আৰু ৰাতুল চন্দ্ৰ গোস্বামীৰ নেতৃত্বত এখন শক্তিশালী নৱ নিৰ্বাচিত কমিটীৰ গঠন হয়।