ashomiyapatrika.com

আলাপ আলোচনাৰ মাজেৰে শিক্ষকৰ সকলো সমস্যা অনাগত দিনত সমাধান কৰা হ’বঃ শিক্ষামন্ত্ৰী

0 31

গুৱাহাটীঃ শৈক্ষিক সাংস্কৃতিক, সাংগঠনিক শোভাযাত্ৰাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী সমূহৰ শুভাৰম্ভ হয়। হাইলাকান্দি চহৰ মাজেৰে চলা বৰ্ণিল শোভাযাত্ৰাই সম্প্ৰীতিৰ বাৰ্তা বিয়পাই যায়। বৰপেটাৰ হোলী গীত, মাজুলী আৰু যোৰহাটৰ প্ৰতিনিধি সকলে সত্ৰীয়া সংস্কৃতি, ধেমাজি, ঢকুৱাখনাই মিছিং কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে অসমৰ বিভিন্ন মহকুমাৰ প্ৰতিনিধি সকলে ৰাজ্যখনৰ আৰু কাষৰীয়া ৰাজ্য সমূহৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শনেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে। তাৰ পৰৱৰ্তী সময়ত সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথৰ

পৌৰোহিত্বত মহাৰজত বৰ্ষীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে উদ্বোধনী গীত পৰিবেশিত হয়। সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু। প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সভাক অৱগত কৰে যে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় শিক্ষক সংগঠন Education International এ গ্ৰহণ কৰা সিদ্ধান্ত ‘শিক্ষাই জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ পথ’ শীৰ্ষক এখন পোষ্টাৰ মুকলি কৰি ইডুকেচন ইন্টাৰনেছনেল আৰু সৰ্বভাৰতীয় শিক্ষক সংঘৰ অন্যতম শাখা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়েও উল্লেখিত সিদ্ধান্তক কাৰ্যকৰী কৰাৰ উদ্দেশ্যেৰে ৰাইজৰ কাষলৈ লৈ যাব

খুজিছে। পোষ্টাৰ উন্মোচনৰ পাছতে শিক্ষা মন্ত্ৰী গৰাকীয়ে বক্তৃতা আগবঢ়ায়- তেখেতে ভাষণ প্ৰসংগত কয় যে শিক্ষা সেতু এপ কেৱল এটেনডেঞ্চৰ এপ নহয়, এই এপৰ জড়িয়তে শিক্ষক সকলৰ তথা শিক্ষা বিভাগৰ বহু সমস্যাৰ অন্ত পেলায় বিভাগটো সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব পাৰিব। তেখেতে লগতে উল্লেখ কৰে যে শিক্ষক আৰু চৰকাৰে আলাপ আলোচনাৰ মাজেৰে শিক্ষক সকলৰ সকলো  সমস্যা সমাধান কৰিব। উল্লেখ্য যে এই সভাতে তেখেতে চান্দমাৰী স্থিত শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্যালয় শিক্ষক ভৱনলৈ তিনি শ খন চকী আগবঢ়ায়। তাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই শিক্ষক সকললৈ গভীৰ

শ্ৰদ্ধা আগবঢ়ায় নিজৰ বক্তব্য আৰম্ভ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে শিক্ষক সদায় শিক্ষক হ’ব লাগে। টিউটৰ, ষ্টেট পল, ঠিকাভিত্তিক এই ভাগ বোৰ নাইকীয়া কৰি শিক্ষকৰ চিনাকি কেৱল শিক্ষক কৰিব লাগে। এখন সমাজ তেতিয়াহে প্ৰকৃতাৰ্থত আগুৱাই যাব যেতিয়া সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি হ’ব শিক্ষক! চৰকাৰে শিক্ষকৰ সমস্যা সমাধান কৰিব লাগিব। উল্লেখযোগ্য যে মেধি ধৰণীধৰ -গুণলতা ন্যাসৰ পুঁজিৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতি দ্বি-বাৰ্ষিক অধিৱেশনত এগৰাকী শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী, গুণসম্পন্ন শিক্ষকক আগবঢ়ায় ‘দ্ৰোণাচাৰ্য’ বঁটা। দ্ৰোণাচাৰ্য ২০২৪ বঁটাৰ বাবে নিৰ্বাচিত তেজপুৰ মহকুমাৰ কৃতী শিক্ষক,

বিশিষ্ট সাহিত্যিক নকুল চন্দ্ৰ কুৰ্মীক মুকলি সভাত এই বঁটা প্ৰদান কৰে সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে। সভাত অভ্যৰ্থনা সমিতিৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে হাইলাকান্দি অতিৰিক্ত আয়ুক্ত ত্ৰিদীপ ৰায়ে। ৰাজ্যিক সন্মিলনীৰ মুখপত্ৰ ‘শিক্ষাজ্যোতি’ উন্মোচন কৰে সদৌ অসম সন্মিলীত শিক্ষক মঞ্চৰ সভাপতি ৰঞ্জিত বৰঠাকুৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সম্পাদক, শিক্ষক ৰত্নপ্ৰভ আব্দুল ৰছিদে সাংগঠনিক ভাষণ দি ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গৌৰৱোজ্জল ইতিহাস আৰু উল্লেখনীয় কৰ্মৰাজী ব্যাখ্যা কৰে। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক।

Leave A Reply

Your email address will not be published.