ashomiyapatrika.com

বাজেটে উদঙালে বান প্রসংগত কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টি

0 38

ফেডাৰেল নহয় সহযোগী দলক উপঢৌকন দিয়া বাজেট- ৰাইজৰ দল

গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ‘এক গাদী ৰক্ষাৰ বাজেট’৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেবল আশ্বাস দি বিহাৰক ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণাৰে মোদী চৰকাৰে আকৌ এবাৰ উদঙালে কেন্দ্ৰৰ অসমৰ প্ৰতি দেখুৱাই অহা মাহী আইৰ দৃষ্টি। এইদৰে আজি সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে উত্থাপন কৰা বাজেটক সমালোচনা কৰে ৰাইজৰ দলে। এক বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কার্যকৰী সভাপতি কবীন্দ্র চেতিয়া ফুকন আৰু ভাস্কো ডি শইকীয়াই কয় যে-বানত বিধ্বস্ত হোৱা অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ কেন্দ্রীয়

বাজেটত এক বিশেষ পুঁজি অসমৰ প্রাপ্য আছিল। কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কেরল আশ্বাসহে আনিবলৈ সক্ষম হ’ল। একেখন বাজেটতে কিন্তু বিহাৰৰ বান সমস্যা মোকাবিলা কৰিবলৈ মোদী চৰকাৰে ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণা কৰিলে। কেন্দ্ৰত চৰকাৰ বৰ্তাই ৰাখিবলৈ মোদীক নীতিশ কুমাৰৰ সমর্থনৰ প্ৰয়োজন। তাৰ বাবেই বিহাৰৰ বাবে বিশেষ ঘোষণা আৰু অসমৰ বাবে কেরল আশ্বাস। বিবৃতিত ৰাইজৰ দলে অভিযোগ উত্থাপন কৰি কয় যে এয়া গাদী ৰক্ষাৰ বাজেট। বাজেটৰ জৰিয়তে সহযোগী দলৰ চৰকাৰ থকা বিহাৰ আৰু অন্ধ্রপ্রদেশে লাভ কৰিছে বিশেষ সুবিধা। অন্যান্য নিয়মীয়া অনুদানৰ লগতে বান

সমস্যাৰ বাবে ১১,৫০০ কোটি টকাৰ উপৰিও বিহাৰে পাইছে গয়াত ঔদ্যোগিক পার্ক, বিহাৰৰ পথ নির্মাণ, পাটনা-পুনিয়া এক্সপ্রেছ বে’, বক্সাৰ-ভাগলপুৰ ঘাইপথৰ নিৰ্মাণকে ধৰি বিহাৰে পাইছে সৰ্বমুঠ ২৬,০০০ কোটি টকাৰ বাজেট অনুদান। তদুপৰি গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব দলং। পর্যটন ক্ষেত্ৰতো বিহাৰৰ বাবে কৰা হৈছে বহু ঘোষণা। একেদৰে অন্ধ্রপ্রদেশৰ অমৰাৱতীৰ বাবে ১৫,০০০ কোটি টকা, তিনিখন জিলাৰ বাবে পিছপৰা অঞ্চলৰ অনুদান, পোলাভৰম জলসিঞ্চন প্রকল্পৰ বাবে আর্থিক অনুদান এই বাজেটত ঘোষণা কৰা হৈছে। ৰাইজৰ দলে কয় যে এয়া সহযোগী দলক উপঢৌকন দি মোদী চৰকাৰৰ গাদী ৰক্ষাৰ বাজেট নহয়

কি? দুখন ৰাজ্যৰ বাবে বিশেষ ঘোষণা কবি বাকী ৰাজ্যসমূহক বঞ্চনা কৰি বাজেটৰ ফেডাৰেল বৈশিষ্ট্যও মোদী চৰকাৰে ভংগ কৰিছে বুলি ৰাইজৰ দলে অভিযোগ কৰে।

Leave A Reply

Your email address will not be published.