কামৰূপত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সভা সম্পন্ন
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ বাবে গঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰে। সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আজিৰ সভাত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লী, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, বকো, হাজো, কমলপুৰ আৰু ৰঙিয়াৰ সমষ্টিৰ বিধায়কসকলৰ
প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ জিলাত অৰুণোদয় ২.০ আঁচনি ৰূপায়নৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে এই আঁচনিৰ অধীনত জিলাখনত যাতে কোনো যোগ্য হিতাধিকাৰী বাদ পৰি নৰয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। সভাত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই বতৰ্মান পৰ্যন্ত কামৰূপ জিলাত অৰুণোদয় আঁচনিৰ অধীনত বিত্তীয় সাহাৰ্য লাভ কৰা হিতাধিকাৰীসকলৰ সমষ্টিভিত্তিক পৰিসংখ্যা দাঙি ধৰাৰ লগতে জিলাখনত অৰুণোদয়ৰ অধীনত হিতাধিকাৰীৰ নিৰ্ধাৰিত লক্ষ্য পূৰণৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্পা বাগলাৰীও উপস্থিত থাকে।