ashomiyapatrika.com

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল’বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰেঃ প্ৰদেশ কংগ্ৰেছ

0 38

গুৱাহাটীঃ নিজৰ দলীয় অন্ত:কন্দল আৰু চৰকাৰৰ বিফলতা সমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্রী সকলে হাস্যকৰভাৱে কংগ্রেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল উদ্দেশ্যই হ’ল অসমৰ জনগণক ৰাজ্যখনৰ মূল সমস্যা সমূহ আৰু শাসকীয় দলৰ দলীয় অন্ত:কলহ, বাদ-বিসম্বাদ সমূহৰ পৰা দৃষ্টি অন্য দিশে ধাৱমান কৰা। যোৱাকালিও কেন্দ্রীয় মন্ত্রী মাৰ্ঘেৰিটাই এখন সংবাদমেল সম্বোধন কৰি কৈছে যে সাংসদ গৌৰৱ গগৈয়ে শ্বহীদৰ কথা ক’বলৈ লাজ পাব লাগে। যি যুক্তি অতি হাস্যকৰ। দুগ্ধপুষ্য শিশু এজনেও জানে যে অসমবাসীৰ ওপৰত ‘কা’ জাপি দি অসম

আন্দোলনৰ শ্বহীদ সকলক কোনে দ্বিতীয়বাৰ আকৌ হত্যা কৰিলে।কোন দলৰ চৰকাৰ ৰাজ্য আৰু কেন্দ্রত থাকোতে কা আন্দোলনৰ সময়ত ৫ জনকৈ তেজাল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা হ’ল ? সৰ্বজন গ্ৰহণযোগ্য অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ ক নস্যাৎ কৰি অসমবাসীৰ ওপৰত একপক্ষীয় “কা” জাপি দি ২০১৪ চনলৈকে অহা বিদেশীক স্বদেশী সজাই কোন দল আৰু চৰকাৰে অসম চুক্তিৰ আত্মাকে হত্যা কৰিলে? দাঢ়ি, ক’মা নকটাকৈ অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ণ কৰিম বুলি সংসদত প্ৰতিশ্ৰুতি দিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰূপায়ণৰ নামত কিবা দাঢ়ি, ক’মা এদাল লৰচৰ কৰিলেনে? অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ণৰ বাবে

অসমৰ বিভিন্ন ক্ষেত্রৰ বিদ্বান ব্যক্তিক লৈ গঠিত পৰামর্শদাতা কমিটিৰ পৰামর্শসমূহ কোন চৰকাৰে ক’ত পেলাই থৈছে তাৰ উত্তৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে অসমৰ ৰাইজক দিব পাৰিবনে? যোৱা ১০ বছৰে কেন্দ্রত আৰু ৮ বছৰে ৰাজ্যত শাসনত থকা ডাবল ইঞ্জিনৰ চৰকাৰ থাকোঁতেও অসম চুক্তি ৰূপায়ণৰ নামত কি কৰিলে বিজেপি চৰকাৰে তাৰ উত্তৰ দিব পাৰিবনে ? তাৰ পৰিৱর্তে বিজেপি দল আৰু চৰকাৰে ‘কা’ নামৰ এখন একপক্ষীয় আইন জাপি দি অসম চুক্তিৰ আত্মাকে হত্যা কৰি অসমবাসীক চুড়ান্ত বিশ্বাসঘাতকতা কৰিলে। গতিকে, ইয়াৰ বাবে বিজেপি দল আৰু চৰকাৰেহে লাজ পোৱা উচিত। আচলতে বিজেপি দল আৰু চৰকাৰে অসম

চুক্তি আৰু শ্বহীদৰ কথা কোৱাৰ অধিকাৰেই হেৰুৱাইছে। গৌৰৱ গগৈ বা কংগ্রেছ দলক নীতিবচন দিয়াৰ পূৰ্বে বিজেপি দলে নিজৰ গাত চিকুত মাৰি চাওক। মাৰ্ঘেৰিটাই আগতে দলীয় মুখপাত্র হিচাবে সংবাদ মেল সম্বোধন কৰি যিহকে মন যায় তাকে কৈছিল, এতিয়া এজন ৰাজ্যিক মন্ত্রী হ’লেও কেন্দ্রীয় মন্ত্রী। গতিকে অলপ তথ্যসমূহ অধ্যয়ন কৰি গাম্ভীর্যপূর্ণ সংবাদ মেল সম্বোধন কৰিবলৈ অনুৰোধ জনাইছো। নিজকে নিজে হাঁহিয়াতৰ পাত্ৰ নকৰিব। মন্ত্রী পদৰ মৰ্যাদা ৰাখক। অৱশ্যে মাৰ্ঘেৰিটা ডাঙৰীয়াৰ মৰ্মবেদনাও আমি বুজিব পাৰিছোঁ। এইকেইদিন চৌদিশে মাথো নবিজেপি-পুৰণি বিজেপিৰ সংঘাতৰ বাতৰি। তাৰ মাজতে আকৌ দলৰে কোনোবাই

‘দল টানিলো আমি আৰু মাগুৰ খাইছে বেলেগে’ ধৰণৰ মন্তব্য দিয়া বুলিও শুনিবলৈ পাইছো! অৰ্থাৎ ক’ৰবাত জুই লাগিছে, নহ’লে এনেয়ে ধোঁৱা নোলায়। গতিকে এই ধোঁৱা সমূহৰ লগতে বিজেপি চৰকাৰৰ চুড়ান্ত বিফলতা সমূহ ঢাকিবলৈ বিজেপি দল আৰু মন্ত্রীয়ে অলপ অপচেষ্টা কৰিবই। বিজেপি দলে যিমানেই অপচেষ্টা নকৰক লাগিলে আমি বিৰোধী ৰাজনৈতিক দলসমূহে ৰাইজৰ সহযোগত বিজেপি দলৰ চৰকাৰৰ দুৰ্নীতি, ছিণ্ডিকেট, ঋণগ্রস্ততা তথা মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা, নিবনুৱাক সংস্হাপন দিব নোৱাৰা, বান-গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্রৰ পৰা পাপ্য পুঁজি আনিব নোৱাৰা আদি বিফলতাসমূহ উত্থাপন কৰি যাম আৰু লোকসভাতো বিৰোধী দলৰ উপ দলপতি

তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ প্ৰধান বিষয়সমূহ সদনত সাৱলীলভাৱে উপস্থাপন কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাব।হাতীয়ে কণা ফৰ্মুতিলৈ কেৰেপ নকৰে।

Leave A Reply

Your email address will not be published.