ashomiyapatrika.com

সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

0 45

গুৱাহাটীঃ ৰাজধানী দিছপুৰৰ অসম সচিবালয়স্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বৃহস্পতিবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক বৈঠক অনুস্থিত হয়। বৈঠকত সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত এক আলোচনাত মিলিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস৷ আজি অনুষ্ঠিত হোৱা সভাত অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ দাবী সমূহ শুনাৰ পিছত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বেগেৰে সকলোবোৰ লক্ষ্য কৰি কয় যে ২০০৮ চনৰ পৰা ২০১৫ চনলৈ অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত সুলভ মূল্যৰ ব্যৱসায়ীসকলে পৰিবহণ ব্যয়ৰ বাবদ ১১ কোটি ২৫ লাখ

টকা পাবলগীয়া আছিল ৷ আনহাতে ২০১০ ৰ পৰা ২০১৫ চনলৈ মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাত তেওঁলোকৰ প্ৰাপ্য হৈ আছিল ৭ কোটি ২১ লাখ টকা ৷ গতিকে ২০০৮ চনৰ পৰা ২০১৫ চনলৈকে প্ৰাপ্য ধনখিনি কিয় আৰু কাৰ ভুলৰ বাবে অনাদায় হৈ আছিল তাৰ এক তদন্ত কৰাৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সম্বন্ধীত বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে ৷ মন্ত্ৰী দাসে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা পাবলগীয়া কমিছনৰ ধন ১৮০ কোটি টকা ভাৰত চৰকাৰে ৰাজ্য চৰকাৰক দিয়াৰ কথা উল্লেখ কৰি সেই টকা ইতিমধ্যে সুলভ মূল্যৰ ব্যৱসায়ী সকললৈ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও ৬০ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলি জানিব দিয়ে মন্ত্রী দাসে ৷ তেওঁ কয় যে সেই

ধনৰাশি তেওঁলোকে আগন্তুক নৱেম্বৰ মাহলৈকে প্ৰতিমাহৰ কমিছন হিচাবে জিলা আয়ুক্তৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত ২০২১ চনৰ ৩০ জুনত অনুষ্ঠিত হোৱা কেবিনেটত সুলভ মূল্যৰ ব্যৱসায়ী সকলক ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ১৪৩ টকাকৈ আদায় দি অহা হৈছে ৷ তেওঁলোকৰ বকেয়া খিনি কি পৰ্যায়ত আছে সেয়া আগন্তুক দিনত পৰ্যালোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ৷ আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত হোৱা এই আলোচনাত অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰা, কাৰ্যকৰী সভাপতি হীৰেণ পাটৰ, সাধাৰণ সম্পাদক হৰিনাৰায়ণ দত্ত আৰু সম্পাদক জীৱন পাটিৰকে আদি কৰি বিভিন্ন জিলাৰ ৩৫ গৰাকী প্ৰতিনিধি উপস্থিত আছিল ৷

Leave A Reply

Your email address will not be published.