ashomiyapatrika.com

কামৰূপৰ ৯৪ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু নবীন চন্দ্ৰ দাসলৈ ‘শিক্ষকশ্ৰী’ বঁটাঃ শোণিতপুৰৰ আদৰ্শ শিক্ষক নকুল কুৰ্মীলৈ ‘দ্ৰোণাচাৰ্য’ বঁটা

0 35

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ‘মেধি ধৰণীধৰ -গুণলতা ন্যাস’ৰ বঁটা ঘোষণা

গুৱাহাটীঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২০২৪ বৰ্ষৰ ‘দ্ৰোণাচাৰ্য’ বঁটা আৰু ‘শিক্ষকশ্ৰী’ বঁটাপ্ৰাপকৰ নাম আজি ঘোষণা কৰিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰি জনোৱা অনুসৰি,২০২৪ বৰ্ষৰ ‘দ্ৰোণাচাৰ্য’ বঁটা আগবঢ়োৱা হৈছে শোণিতপুৰৰ বালিপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুপাটগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, ইতিপূৰ্বে কৃতী ‌শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপ্ত , বিশিষ্ট সাহিত্যিক নকুল কুৰ্মীলৈ। আনহাতে,’ শিক্ষকশ্ৰী’ বঁটা আগবঢ়োৱা হৈছে কামৰূপ জিলাৰ বৰিহাট নিৱাসী,

ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ‌শিক্ষক ৯৪ বছৰীয়া নবীন চন্দ্ৰ দাসলৈ। উল্লেখযোগ্য যে, মঙলদৈ মহকুমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধৰণীধৰ মেধি আৰু তেখেতৰ পত্নী গুণলতা মেধিয়ে আগবঢ়োৱা অনুদানেৰে গঠন কৰা ‘মেধি ধৰণীধৰ -গুণলতা ন্যাস’ ৰ‌ পুঁজিৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতি দ্বি-বাৰ্ষিক অধিৱেশনত ৰাজ্যখনৰ এগৰাকী কৰ্মৰত পাৰদৰ্শী,কৃতি শিক্ষকক ‘দ্ৰোণাচাৰ্য’ বঁটা আৰু ‌আটাইতকৈ অধিক বয়সৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক ‘শিক্ষকশ্ৰী’ বঁটা আগবঢ়াই আহিছে। সভাপতি ভৈৰৱ মহন্ত আৰু সম্পাদক শৈলেন্দ্ৰ কলিতাৰ নেতৃত্বত গঠিত বঁটা প্ৰাপক নিৰ্বাচন সমিতিয়ে দুয়োটা বঁটাৰ বাবে লাভ কৰা আবেদন সমূহ বিবেচনা কৰি ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপক দুগৰাকী বাছনি কৰে। অহা ২৫ জুলাইত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ হাইলাকান্দি অধিৱেশনৰ মুকলি সভাত এই বঁটা প্ৰদান কৰা হ’ব। বঁটাত চেলেং, সন্মিলনীৰ স্মাৰক, বঁটা আৰু নগদ ধন প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.