বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাৰ আহ্বান
জিলা, শাখা, সতী ৰাধিকা, যুৱ তীৰ্থৰ সকলো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী পিছুৱাই দিবলৈ আহ্বান সম্পাদক প্ৰধানৰ
গুৱাহাটীঃ ৰাজ্যজুৰি বান বিভীষিকাই জটিল ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম সত্ৰ মহাসভাই পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী অৰ্নিদিষ্ট কাললৈ পিছুৱাই দিছে। প্ৰচাৰ সম্পাদক ঈশ্বৰ কান্ত দেৱ মহন্তই জনোৱা মতে ইতিমধ্যে অসম সত্ৰ মহাসভাই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সমূহ জিলা, শাখা সত্ৰ মহাসভাৰ উপৰি সতী ৰাধিকা মহিলা সমিতি আৰু যুৱ তীৰ্থৰ সকলো কৰ্মকৰ্তা, সদস্যক বানপিৰীত ৰাইজৰ ওচৰলৈ গৈ সহায় সহযোগ কৰিবলৈও আহ্বান জনোৱা হৈছে। এক বাৰ্তাত সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যিক
উভয় চৰকাৰক আহ্বান জনায়। অসম সত্ৰ মহাসভাৰ অন্তৰ্গত সকলো বিষয়ববীয়া কৰ্মকৰ্তাৰ প্ৰতি অকুণ্ঠ আহ্বান জনাই বানপিৰীত ৰাইজৰ সকলো সমস্যাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে যথাসাধ্য সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনাইছে। কিয়নো বানপানী শুকাই যোৱাৰ পাছত বানপিৰীত ৰাইজৰ নানান অসুখ বিসুখ হোৱাৰ সম্ভাৱনাও যথেষ্ট বেছি। এই ক্ষেত্ৰত অসম চৰকাৰকো উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই।