গুৱাহাটীৰ সন্ধানহীন কণমানিক অতিশীঘ্ৰে উদ্ধাৰ কৰক
মৃত্যুৰূপী উন্মুক্ত মেন হল বোৰৰ পৰা মহানগৰ বাসীক সুৰক্ষা প্ৰদান কৰকঃ চি পি আই (এম)
গুৱাহাটীঃ যোৱা চাৰি জুলাইত নুনমাটি অঞ্চলৰ ভৱানীপুৰৰ শ্যাম নগৰৰ বাসিন্দা, ক্ষুদ্ৰ ব্যৱসায়ী হৰি চৰকাৰৰ পুত্ৰ অবিনাশ চৰকাৰৰ উন্মুক্ত ড্ৰেইনত পৰি এতিয়ালৈ সন্ধনহীন হৈ পৰে। মহেন্দ্ৰ কন্দলি প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় মান শ্ৰেণীত পঢ়ি থকা ফুল কুমলীয়া অবিনাশক অতিশীঘ্ৰে উদ্ধাৰ কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যবস্থা লওক আৰু সঠিক তদন্ত কৰি দোষী নিৰ্মাণ সংস্থাক শাস্তি দিয়ক। কাৰ ভুলৰ বাবে ছাত্ৰ অবিনাশ আজি সন্ধানহীন হব লগা হৈছে। চৰকাৰী কৰ্তৃপক্ষৰ অপৰিকল্পিত নিৰ্মাণ কাৰ্য নে অদূৰদৰ্শী কাম কাজ বাবে নুনমাতি ভৱানীপুৰ অঞ্চলৰ হৰি চৰকাৰৰ পুত্ৰ অবিনাশৰ দুৰ্ঘটনা সংঘটিত হয়। আৰু কিমান জন
নাগৰিকে প্ৰাণ আহুতি দিলে সজাগ হব সকলোৰে ‘প্ৰিয় ভাজন’ অসমৰ মুখ্যমন্ত্ৰী। কিমান জন নাগৰিকৰ শৰীৰ ঘূনীয়া কৰিলে চকু মেল খাব বিজেপি চৰকাৰৰ। উল্লেখযোগ্য যে মহানগৰৰ ফ্লাই-অভাৰ, পানী যোগান, ৰাস্তা, ফুটপাথ আদিকে ধৰি সকলো প্ৰকাৰৰ নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্মাণ কোম্পানীবোৰে কোনো ধৰনৰ নাগৰিকৰ জীৱন আৰু চলাচলৰ নিৰাপত্তা নিশ্চিত নকৰাকৈ নিৰ্মাণ কাৰ্য চলাই আছে। এইক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। ইয়াৰ পৰিণতিত মহানগৰ খনত সংঘটিত হৈ আছে বিভিন্ন অঘটন। এয়া নুনমাতিয়ে হওঁক বা মালিগাও উৰণীয়া সেঁতুয়ে হওঁক নাইবা হাতীগাওৰ পানী যোগানৰ গাতত
হওঁক। সেয়ে চি পি আই এমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিয়ে দাবী কৰে যে অতিশীঘ্ৰে সকলোৱে নাগৰিকৰ জীৱনৰ নিৰাপত্তা প্ৰদানৰ সু-ব্যবস্থা কৰক। সকলো নিৰ্মাণ কোম্পানী বোৰে নিৰ্মাণ কাৰ্য্য চলি থকাৰ সময়ত নাগৰিকৰ নিৰাপত্তা সু-ব্যৱস্থা কৰাৰ লগতে কণমানি অবিনাশক অতিশীঘ্ৰে উদ্ধাৰ কৰক৷