ashomiyapatrika.com

ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতিঃ দেশৰ অষ্টলক্ষ্মী বানত বিধস্ত, খবৰ ল’বলৈ সময় নাই দেশৰ প্ৰধানমন্ত্ৰীৰ- শংকৰজ্যোতি বৰুৱা

0 35

অন্য ৰাজ্যই যদি বৃহৎ পেকেজ পাই তেন্ত অসমে কিয় নাপাব?

গুৱাহাটীঃ ৰাজ্যত প্ৰতিবছৰে ৫০ লক্ষাধিক জনসাধাৰণ বান-খহনীয়াত ক্ষতিগ্রস্ত হৈ আহিছে। প্রায় সকলো জিলাই এই বানৰ কবলত পৰে। বানৰ কবলত প্ৰতিবছৰে বহু লোক মৃত্যুমুখতো পৰিছে। লগতে হাজাৰ হাজাৰ কৃষিভূমি খহনীয়াত জাহ গৈছে। সপোনৰ ঘৰ-বাৰী নাইকিয়া হৈছে। এই জটিল সমস্যাৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক ভেটি থান বান হৈ গৈছে। সেয়েহে এই জটিল সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ অসমৰ জনসাধাৰণ আৰু সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাই আহিছে। ছাত্র সন্থাই অসম চুক্তিৰ জাং দফাৰ অনুসৰি এই দাবী সজোৰে উত্থাপন কৰি আহিছে। ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি

পৰিদৰ্শন কৰি কয়-বৰ্তমান ৰাজ্যৰ প্ৰায় জিলাতে বানৰ সংহাৰী ৰূপে জনসাধাৰণৰ জীৱন ধাৰণ ব্যাহত কৰি পেলাইছে। বানাক্ৰান্তক সকাহ দিব পৰাকৈ চৰকাৰে পদক্ষেপপ এতিয়ালৈ গ্রহণ কৰা নাই। উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ হোৱা নাই। প্রয়োজনীয় অস্থায়ী শিবিৰৰ ব্যৱস্থা গ্রহণ কৰা নাই। খাদ্য সামগ্রী, শিশু খাদ্য, চিকিৎসা সেৱা, পশুধনৰ খাদ্য প্রদানতো হেমাহি কৰিছে। ফলত বানাক্ৰান্তই পানীৰ মাজতে ককবকাই থাকিব লগীয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। ৰাজ্যৰ অৰ্থনৈতিক ভেটি থানবান কৰি দিয়া এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাই আহিছে। ছাত্র

সন্থাই যুক্তিৰে এই দাবী উত্থাপন কৰি আহিছে। ৰাজ্যৰ প্ৰায় সকলো জিলাই বাৰিষাত দুমাহৰ অধিক সময় বানৰ কবলত থাকিবলগীয়া হয়। এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়। এতিয়ালৈকে এইবছৰ দুই শতাধিকৰ মৃত্যু হৈছে। পর্যাপ্ত সাহায্য, চিকিৎসা সেবা, পশু খাদ্য প্রদানত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ প্রদান কৰি অসমৰ জনসাধাৰণৰ লগতে ৰাজ্য চৰকাৰকো উদ্ধাৰ কৰিব লাগে। কিন্তু পৰিতাপৰ কথা আজিলৈ এগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে বান পৰিস্থিতি পর্যবেক্ষণ কৰিবলৈ উপস্থিত নহ’ল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অন্য ৰাজ্যৰ বানপানীৰ সময়ত নিজে পর্যবেক্ষণ কৰি বিশেষ পেকেজ ঘোষণা কৰে।

অসমক দেশৰ অষ্টলক্ষ্মী বুলি কোৱা দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ জটিল সময়ত গুৰুত্ব প্রদান কৰা নাই। আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাই টেঙাখাতৰ বানবিধস্ত শলকনি মাজুলী আৰু দুলীয়াজানৰ বামুণ গাঁও, উত্তমমাটি, কালিবাৰীৰ তিনি শতাধিক পৰিয়াললৈ খাদ্য সামগ্রী, অত্যাবশ্যকীয় সামগ্রী প্রদান কৰে।

Leave A Reply

Your email address will not be published.