ashomiyapatrika.com

কামৰূপ জিলা আৰক্ষী আৰু বকো আৰক্ষী থানাৰ উদ্যোগত ‘নতুন অপৰাধ আইন – ২০২৩’ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বকোত সজাগতা সভা

0 51

বকোঃ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা ভিন্ন ভিন্ন প্ৰকাৰৰ অপৰাধ প্ৰৱনতা ৰোধ কৰিবলৈ চৰকাৰে প্ৰস্তুত কৰিছে একাধিক অভিলাষি আইন। এই আইন সমুহৰ ভিতৰত যথাক্ৰমে ১/ ভাৰতীয় ন্যায় সংহিতা আইন – ২০২৩, ২/ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন – ২০২৩, ৩/ ভাৰতীয় সাক্ষ্য অধিনিয়ম আইন – ২০২৩। সমগ্ৰ ভাৰত বৰ্ষতে প্ৰৱৰ্তনৰ লক্ষ্যৰে প্ৰস্তূত কৰা এই আইন সমুহ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজি বকোত আয়োজন কৰা হয় সজাগতা সভা খন। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খনীন্দ্ৰ চন্দ্ৰ নাথৰ তত্বাৱধানত আয়োজন কৰা সজাগতা সভা খনত আইন কেইখন বলৱৎ কৰণত বিধি ব্যৱস্থাৰ ওপৰত

আলোকপাত কৰা হয়। বকো আৰক্ষী থানাৰ চৌহদত আয়োজন কৰা সজাগতা সভাত “নতুন অপৰাধ আইন – ২০২৩’ৰ বলৱৎৰ বাবে লোৱা সতৰ্কতাৰ ওপৰত বাখ্যা দাঙি ধৰে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়াই। সজাগতা সভাত আইন কেইখনৰ ওপৰত আলোকপাত কৰে যথাক্ৰমে বিশিষ্ট অধিবক্তা অমল কুমাৰ দলৈ, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য সুমিত ৰাভা, কামৰূপ জিলা আৰক্ষী উপ অধীক্ষক ৰাজীৱ কুমাৰ শইকীয়া, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈকে ধৰি কেৱাজনো প্ৰশাসনিক

বিষয়াই৷ সভাত বকো আৰক্ষী থানা এলেকা নাগৰিক সমিতিৰ সভাপতি বিনোদ দত্ত শৰ্মা, বকো থানা এলেকাৰ গাওঁৰক্ষী বাহিনী পৰিচালনা সমিতিৰ সভাপতি ধীৰোমোহন দেৱান, আই ডি টি পিৰ প্ৰাক্তন চেয়াৰমেন লাৱন্য বড়োকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। সজাগতা সভাত জিলা আৰক্ষী উপ অধিক্ষক ৰাজীৱ কুমাৰ শইকীয়াই নতুন অপৰাধ আইন সমুহৰ নীতি নিৰ্দেশনা, ৰূপায়নৰ অধিনিয়ম, ৰাইজ আৰু প্ৰশাসনৰ মাজত সম্পৰ্ক, অপৰাধ আৰু অপৰাধীৰ কাৰ্য্যব্যৱস্থাৰ ৰক্ষণশীলতা আদিকে ধৰি বহু বিষয়ৰ ওপৰত সজাগতা অনাৰ পৰামৰ্শ আগবঢ়ায়। বকোৰ যুৱ সাংবাদিক গোবিন্দ দলৈয়ে আত ধৰা অনুষ্ঠানত বকো

থানা এলেকাৰ গাওঁৰক্ষী বাহিনীৰ কৰ্মী সকল, জাতীয় দ’ল সংগঠনৰ কৰ্মী সকল, সাংবাদিক, সাহিত্যিক, সমাজ সংগঠক আৰু ছাত্ৰ কৰ্মীয়ে সহযোগ আগবঢ়াই। সভাত শুভেচ্ছা মুলক ভাষণ প্ৰদান কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খনীন্দ্ৰ চন্দ্ৰ নাথে। সজাগতা সভাৰ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি সামৰণি মাৰে।

Leave A Reply

Your email address will not be published.