ashomiyapatrika.com

বকো ক্ৰোচিং একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্যঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভূগোল বিষয়ত লেটাৰ মাৰ্ক সহ সুখ্যাতিৰে উৰ্ত্তীৰ্ণ

0 45

বকোঃ উচ্চ শিক্ষাৰে শিক্ষিত হৈ মানৱ সম্পদ হোৱাৰ বাবে ল’ব পৰা বিধি ব্যৱস্থাৰ উন্নত শিক্ষা প্ৰতিষ্ঠান বকো ক্ৰোচিং একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্যই আশাৰ ৰেঙণি সঞ্চাৰ কৰিছে বকোত। উল্লেখ্য যে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষ্যাতিৰে উৰ্ত্তীণ হৈ ভূগোল বিষয়ত লেটাৰ মাৰ্ক সহ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা তিনি গৰাকী শিক্ষাৰ্থীক আজি ঊষ্ণ সম্ভাষণ জনোৱা হয়। বকো ক্ৰোচিং একাডেমীৰ সঞ্চালক তথা অধ্যক্ষ ৰঞ্জন ৰাভাই জনোৱা মতে এই বৰ্ষত ক্ৰোচিং একাডেমীৰ ছাত্ৰ আকাশ চুনাৰ, ছাত্ৰী ক্ৰমে অৰ্পিতা বাৰচুং আৰু টানিছা বড়োই ভূগোল বিষয়ত লেটাৰ মাৰ্ক পাই উৰ্ত্তীণ হৈছে। ইয়াৰ



উপৰিও ২০২৩/২৪ এ পি এছ চি পৰীক্ষাত এই একাডেমীৰ পৰা এগৰাকী ছাত্ৰই প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৱলৈ সক্ষম হৈছে। ক্ৰোচিং একাডেমীৰ অধ্যক্ষ ৰঞ্জন ৰাভাই আজি সাংবাদিকক জনোৱা মতে এ পি এছ চি ৰ উপৰিও উচ্চতৰ মাধ্যমিকৰ ক’লা শাখাত শিক্ষা গ্ৰহনৰ বাবে ২০২৪/২৫ নাম ভৰ্তি চলি আছে আৰু এ পি এছ চি ৰ পাঠদান অভিজ্ঞ সমল ব্যক্তিৰ জৰিয়তে চলাই থকা হৈছে।

Leave A Reply

Your email address will not be published.