ashomiyapatrika.com

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে ভাওনাৰ আখৰা আৰম্ভ

0 49

বকোঃ কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদ্‌যাপনৰ লগত সংগতি ৰাখি ‘ৰাম বিজয়’ ভাওনা খনি মঞ্চস্থ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই আখাৰা শুভাৰম্ভ কৰা হৈছে। অলপতে মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ‘ৰাম বিজয়’ ভাওনা খনৰ আখাৰা শুভাৰম্ভণি কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° তপন দত্তই। অসমৰ পূৱ প্ৰান্ততকৈ পশ্চিম প্ৰান্তত বিশেষকৈ শিক্ষানুষ্ঠানসমূহত গুৰুজনাৰ ভাওনা সংস্কৃতিৰ চৰ্চা আৰু প্ৰদৰ্শন তেনেই তাকৰ হেতুকে এই আখৰাৰ পৰা ছাত্ৰ -ছাত্ৰী বৃন্দ আগ্ৰহী হ’ব বুলি অধ্যক্ষ গৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখ্য যে মহাবিদ্যালয় খনৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা ৰাজনীতি বিজ্ঞান

বিভাগৰ সহকাৰী অধ্যাপক বাপুকণ শইকীয়াৰ তত্বাৱধানত আৰু মহাবিদ্যালয়ৰ নাট্য দলৰ দলনেত্ৰী বৰষা দাসৰ পৰিচালনাত ভাওনা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি জানিব দিয়ে অধ্যক্ষ গৰাকীয়ে। মহাবিদ্যালয়ত বৰ্তমান পঢ়ি থকা তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমন্বিতে শিক্ষক – কৰ্মচাৰীৰ সহযোগ আৰু উপস্থিতিত আখৰাত গুৰু হিচাপে নৃত্য ভূষণ উপাধিপ্ৰাপ্ত কৃষ্ণকান্ত দাসে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে। ইফালে খোল বাদক হিচাপে ক্ৰমে জুমণ দাইনাপালি, কৰুণা কান্ত দাস আৰু লৱ ভৰালীয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা মঞ্জিৰা শৰ্মাই আৰম্ভণিতে আঁত ধৰে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ

সহকাৰী অধ্যাপিকা গায়ত্ৰী খাৰঘৰীয়াই ভাওনাৰ আখাৰা অনুষ্ঠিত কৰিবলৈ সহযোগিতা আগবঢ়োৱাৰ লগতে বৰ্তমানৰ সাংস্কৃতিক সম্পাদিকা প্ৰতিক্ষা মেছ, মহাবিদ্যালয়ৰ সাংস্কৃতিক কোষ, ছাত্ৰ একতা সভা, অন্যান্য শিক্ষক – কৰ্মচাৰীবৃন্দইও সহযোগ আগবঢ়াই আহিছে।

Leave A Reply

Your email address will not be published.