ashomiyapatrika.com

আজাৰাত স্কুল ১৬ বছৰ অনূৰ্ধ্ব স্কুল মুকলি ৰেটিং দবা প্ৰতিযোগিতা

0 54

গুৱাহাটীঃ আজিৰে পৰা গুৱাহাটীৰ আজাৰাস্থিত ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমীত আৰম্ভ হৈছে সদৌ অসম ১৬ বছৰ অনূৰ্ধ্ব স্কুল মুকলি ৰেটিং দবা প্ৰতিযোগিতা৷ উক্ত স্কুল দবা প্ৰতিযোগিতাত ৰাজ্যৰ ৩৪ খন বিদ্যালয়ৰ ১০৪ জন উদীয়মান দবাৰুৱে অংশগ্ৰহণ কৰিছে৷ কামৰূপ জিলা (গ্ৰাম্য) দবা সন্থাৰ উদ্যোগত আৰু সদৌ অসম দবা সন্থাৰ সহযোগত আয়োজন কৰা আন্ত:বিদ্যালয় ৰেটিং দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডৰ অন্তত তিনি পইণ্টৰে প্ৰতিযোগিতাৰ শীৰ্ষত আছে মৃন্ময় ৰাজখোৱা, প্ৰতীক ক্ৰান্তি পাল, ঈশান তান্তি, কৃষ্ণৱ হাজৰিকা, হৰ্ষিতা চহৰীয়া, পীয়ূষ প্ৰীতম মচৰং, ৰ্নিবাণ দাস, চৈৰ্তন্য চিয়তিয়া, অৰুণাভ ভৰুলোৱা, ছুজেন আহমেদ আৰু

উন্মিল তালুকদাৰ৷ উল্লেখ্য যে সদৌ অসম স্কুল ৰেটিং দবা প্ৰতিযোগিতা খনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা। সভাত বিশিষ্ট আৰু সন্মানীয় অতিথি আছিল সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, বিশিষ্ট সমাজ সেৱক তন্ময় মোদক, ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমীৰ অধ্যক্ষা দীপিকা ডেকা, গুৱাহাটী চিটি দবা সন্থাৰ উপ সভাপতি অভিশেষ চক্ৰৱৰ্তী, অনুপম দাসকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি৷ উক্ত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে একাডেমীৰ ছাত্ৰীদ্বয় ক্ৰমে আৰহী কলিতা আৰু চিনকন দাসে৷

Leave A Reply

Your email address will not be published.