ashomiyapatrika.com

বিহুক ইউনেস্কোৰ অস্হাৱৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে প্ৰয়াস ৰাজ্য চৰকাৰৰ

0 45

সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বিশেষ বৈঠক

গুৱাহাটীঃ অসমীয়াৰ বাপতি সাহোন বিহু উৎসৱক ইউনেস্কোৰ অস্হাৱৰ বা অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ তালিকাত স্হান প্ৰদানৰ বাবে প্ৰচেষ্টা চলোৱাৰ উদ্দেশ্যে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক, সাংস্কৃতিক সংস্হা বা ইউনেস্কোৰ অধীনস্থ ইক’মছৰ উত্তৰ -পূব মণ্ডলৰ সমন্বয়ক দিলীপ চাংকাকতীয়ে সাংস্কৃতিক ঐতিহ্য তালিকাত বিহু উৎসৱৰ অন্তর্ভুক্তিৰ ক্ষেত্রত থকা নীতি নিয়মৰ বিষয়ে অৱগত কৰাৰ লগতে এই ক্ষেত্ৰত সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। ইউনেস্কোৰ Intangible Cultural Heritageৰ

তালিকাত অন্তর্ভুক্তিৰ ক্ষেত্রত মৌখিক পৰম্পৰা, পৰিৱেশ্য কলা, সামাজিক পৰম্পৰা, জ্ঞান প্ৰসাৰী, ৰীতি নীতি, উৎসৱ, বিশ্ব -ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰে সম্পৰ্কিত কাৰ্য, পৰম্পৰাগত কলা সৃষ্টি কাৰী জ্ঞান আৰু দক্ষতা আদি বিষয় বিবেচনা কৰা হয়। ইতিমধ্যে কুম্ভমেলা, পশ্চিম বংগৰ দূৰ্গা পুজা, মণিপুৰৰ সংকীৰ্তন, ৰাজস্থানৰ কালবেলীয়া নৃত্য কলা,সংস্কৃত নাট, কুটিয়াট্টম, চাও নৃত্যকে ধৰি ভাৰতৰ মুঠ ১৩টা সাস্কৃতিক পৰম্পৰাই ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ স্হান লাভ কৰিছে। ইক’মছৰ অহা ডিচেম্বৰত মেলবৰ্ণত অনুষ্ঠিতব্য সভাত যাতে বিহু উৎসৱক ঐতিহ্য তালিকাত অন্তর্ভুক্তিৰ ক্ষেত্রত সঠিকভাবে উপস্থাপন কৰিব পৰা

যায় ইয়াৰ বাবে সাংস্কৃতিক মন্ত্রী বড়াই যাৱতীয় নথিপত্ৰ প্ৰস্তুত কৰিবলৈ বিষয়া সকলক সভাত নিৰ্দেশ দিয়ে। ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অন্তর্ভুক্ত হলে বিহু উৎসৱে বিশ্ব জুৰি প্ৰসিদ্ধি লাভ কৰাৰ লগতে ইয়াৰ প্ৰতি বিশ্ব বাসীৰ উৎসুক তাও বৃদ্ধি পাব, লগে লগে পৰ্যটনৰ ক্ষেত্রখন সমৃদ্ধ হ’ব।

Leave A Reply

Your email address will not be published.