ashomiyapatrika.com

যোগাভ্যাসে শৰীৰ-মন সুস্থ কৰেঃ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

0 36

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ আন্তৰ্জাতিক যোগ দিৱস উদযাপন

গুৱাহাটীঃ ‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’ শীৰ্ষক মূলমন্ত্ৰৰে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আয়োজনত মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় দশম আন্তৰ্জাতিক যোগ দিৱস৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় যোগাভ্যাসে শৰীৰ আৰু মন সমানে সুস্থ কৰি ৰাখে৷ তাহানি ভাৰতবৰ্ষৰ ঋষি-মুনি সকলে যোগৰ জৰিয়তে বহু দুঃসাধ্য কাম সহজ আৰু সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একক প্ৰয়াসৰ বাবেই ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে

ঘোষণা কৰে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী ধন্যবাদৰ পাত্ৰ৷ ইপিনে, আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইতিপূৰ্বে অনুষ্ঠিত কৰা যোগাভ্যাস সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়৷ বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে সন্মানীয় অতিথি হিচাপে উপস্হিত থকা আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱান, অতিৰিক্ত আয়ুক্ত ত্ৰিদিব কোঁৱৰ প্ৰমুখ্যে মহানগৰীৰ একাধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.