বকোৰ ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়ণ সাহাৰ্য্যৰ্থে আয়োজন কৰা উপহাৰ কুপনৰ খেল বৰ্ষা বিঘ্নিত পৰিবেশৰ বাবে স্থগিতঃ অহা ১৪ জুলাইত হ’ব খেল খন
বকোঃ কামৰূপ জিলাৰ বকোত আয়োজন কৰা উপহাৰ কুপনৰ খেল খন সম্প্ৰতি বৰ্ষা বিঘ্নিত পৰিবেশৰ বাবে স্থগিত ৰখা হৈছে। এই ঘোষণা আজি সংবাদ মেল আয়োজন কৰি জনায় উপহাৰ কুপন পৰিচালনা সমিতিয়ে। উল্লেখ্য যে বকোত ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়ণ সমিতিৰ উদ্যোগত শ্মশান আধুনিকীকৰণ কৰাৰ সাহাৰ্য্যৰ্থে আয়োজন কৰা উপহাৰ কুপনৰ খেল খন অহা ২২ জুনত অনুষ্ঠিত কৰা কথা ঠিৰাং আছিল। কিন্তু সম্প্ৰতি ৰাজ্যৰ ঠাই বিশেষে হোৱা বানপানী ; বাঢ়নি পানী আৰু নেৰানেপেৰা – ধাৰাষাৰ বৰষুণ হৈ থকা কাৰণে খেল খন সাময়িক ভাৱে বাতিল কৰা হৈছে। এই কথা আজি সংবাদ মেল আয়োজন কৰি
ঘোষণা কৰে উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে। উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই। উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ সম্পাদক সঞ্জীৱ সৰকাৰে আত ধৰা সংবাদ মেলত উপষ্ঠিত থাকে উপ সভাপতি বসন্ত কৰ্মকাৰ, সহকাৰী সম্পাদক সঞ্জীৱ ৰয়, বিষয় ববীয়া চবিন কৈৱৰ্ত আৰু উমেশ চন্দ্ৰ ৰাভাকে ধৰি বহু সংখ্যক সদস্যই সহযোগ আগবঢ়াই। ইফালে অহা ১৪ জুলাইত উপহাৰ কুপনৰ খেল খন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে।