বকোত বিনামূলীয়া বিহু আৰু আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন
বকোঃ বিদ্যালয় সমূহত গ্ৰীষ্মকালীন ছুটি পোৱাৰ সময়তে ছাত্ৰ ছাত্ৰী সকল উদগ্ৰীৱ হৈ পৰে নিজৰ অন্যান্য প্ৰতিভা বিকাশৰ বাবে ভিন্ন ক’লা কৌশল প্ৰদৰ্শনত। সেই উপলক্ষে বৃহত্তৰ দক্ষিণ কামৰূপৰ অগ্ৰণী সাংস্কৃতিক সংস্থা মঘাই চেনাই গ্ৰুপৰ উদ্যোগত আৰু পাৰ্ক ৰেষ্টুৰেন্টৰ সহযোগত আয়োজন কৰা হৈছে বিনামূলীয়া বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা। বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা আয়োজক সমিতিৰ পৰিচালক তথা কন্ঠশিল্পী জিতেন দাসে জনোৱা মতে বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত অহা ২ জুলাইৰ পৰা ৮ জুলাইলৈ সাত দিনীয়াকৈ আয়োজন কৰা
হৈছে কৰ্মশালাৰ। মঘাই চেনাই গ্ৰুপৰ সভানেত্ৰী মুনমুনি বড়ো, সম্পাদিকা কাশ্মিৰী ৰাভাই জনোৱা মতে বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা পুৰ্ণ কৰা হৈছে। ইতিমধ্যে শতাধিক ছাত্ৰ ছাত্ৰী তথা অংশগ্ৰহনকাৰীয়ে যোগাযোগ কৰি প্ৰ – পত্ৰ পুৰণ কৰিছে। ইফালে বহু কেইজন বিশিষ্ট নৃত্য প্ৰশিক্ষক তথা সমল ব্যক্তিক কাৰ্য্যসুচীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে।