ashomiyapatrika.com

পত্নীৰ মৃত্যুৰ ঘোষণাৰ পিছতে হস্পিতালতে নিজৰ চাৰ্ভিছ পিষ্টলেৰে আইপিএছ শিলাদিত্য চেতিয়াৰ আত্মহননঃ তীব্ৰ চাঞ্চল্য

0 138

গুৱাহাটীঃ পত্নীৰ মৃত্যুৰ পিছতে জ্যেষ্ঠ আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই আত্মহনন কৰা বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গৃহ বিভাগৰ সচিব পদত থকা শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ আত্মহননৰ ঘটনাই জোকাৰিছে ৰাজ্যৰ গৃহ বিভাগকো৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু চেতিয়াৰ ৷ উল্লেখ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিলাদিত্য চেতিয়াৰ পত্নীয়ে বিগত দুমাহ ধৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল৷ চিকিৎসাধীন অৱস্থাতে আজি চেতিয়াৰ পত্নীৰ আবেলি মৃত্যু হয়৷ পত্নীৰ মৃত্যুৰ ২০মিনিট পিছতে মৃত পত্নীৰ বিছনাতে অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই আত্মহনন কৰে৷ আই পি এছ বিষয়াগৰাকীয়ে কিয় চৰম

পন্থা বাচি ললে সেয়া এইপৰ্যন্ত পোহৰলৈ অহা নাই যদিও পত্নী প্ৰেমৰ বাবে এনে কৰা বুলি ধাৰণা কৰা হৈছে৷ ২০০৯ বৰ্ষৰ আই পি এছ বিষয়া চেতিয়াৰ পিতৃয়ো অসম আৰক্ষীৰ ডিআইজি আছিল৷ মাতৃয়ো অধ্যাপক আছিল৷ কিন্তু ইতিমধ্যে পিতৃ মাতৃ দুয়োৰে মৃত্যু হৈছে৷ সন্তান নথকা চেতিয়াই পত্নীৰ সৈতে হাতীগাৱৰ ঘৰতে আছিল৷ পত্নীৰ মৃত্যুৰ পিছত দুখ সহিব নোৱাৰি নিজৰ চাৰ্ভিছ ৰিভলভাৰৰে মূৰত গুলীয়াই আত্মহত্যা কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে৷ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰা শিলাদিত্য চেতিয়াই পত্নীৰ চিকিৎসাৰ বাবে বিগত চাৰিমাহ ধৰি ছুটীত আছিল৷ আজি চেতিয়াৰ মৰনোত্তৰ পৰিক্ষা সম্পন্ন কৰা হৈছে আৰু কাইলৈ পতী পত্নী দুয়োজনৰে শেষকৃত্য সম্পন্ন কৰা হব বুলি জানিব পৰা গৈছে৷

Leave A Reply

Your email address will not be published.