মক্কাত অসমৰ ৪ হজযাত্ৰীৰ মৃত্যুঃ মক্কাত সম্পন্ন কৰা হব জানাজা
গুৱাহাটীঃ হজ কৰিবলৈ গৈ ছৌডি আৰবত অসমৰ চাৰিজনকৈ লোকে প্রাণ হেৰুৱা ঘটনাই ৰাজ্যজুৰি শোকাকুল পৰিবেশ বিৰাজ কৰিছে। জানিব পৰামতে বিগত এসপ্তাহত এইসকল লোকৰ মৃত্যু হৈছে। ইয়াৰে এজন লোকৰ যোৱা ৯ জুনত মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন লোকে কালি মৃত্যু হৈছে। মৃত লোকচাৰিজনৰ দুজন কাছাৰ জিলাৰ, এজনকৈ লোক বৰপেটা আৰু হাইলাকান্দি জিলাৰ। লোককেইজনৰ এই কথা জানিবলৈ দিয়ে ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে। আটাইকেইজন লোকৰে মক্কাত মৃত্যু হৈছে। তেওঁ কয় যে যোৱা ৯ জুনত কাছাৰ জিলাৰ জৰিউদ্দিন মজুমদাৰৰ
মৃত্যু হয়। ইয়াৰ পিচত কালি বৰপেটা জিলাৰ জেৰিনা বেগম, কাছাৰ জিলাৰ ছইজউদ্দিন বৰভূঞা আৰু হাইলাকান্দি জিলাৰ ছালেহা বেগম বৰভূঞাই প্রাণ হেৰুৱায়। আটাইকেইজনে প্রচণ্ড গৰমৰ বাবে মৃত্যুমুখত পৰা বুলি সন্দেহ কৰা হৈছে। নিহত আটাইকেইজন লোকৰ জানাজা মক্কাত সম্পন্ন কৰা বুলি নেকিবুৰ জামানে জানিবলৈ দিছে।