ashomiyapatrika.com

বকোত ডিজিটেল ইণ্ডিয়াৰ বিকশিত অসমৰ পথে জ্বলাকলা খুৱাইছে কালিয়াবড়ী গাওঁৰ ৰাইজক

0 42

বকোঃ ৰাজ্যত বিকশিত অসমৰ শ্লোগান ফুটুকাৰ ফেনত পৰিণত হৈছে। ডিজিটেল ইণ্ডিয়াৰ উন্নয়ণৰ ফোপোলা স্বৰূপ দৃশ্যমান হ’ব কামৰূপ জিলাৰ বকোত। বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত কালিয়াবড়ীত যমৰ যাতনা হৈছে যাতায়াতকাৰীৰ। বছৰ বছৰ ধৰি মেৰামতি অথৱা উন্নয়ণ আৰু আধুনিকীকৰণ নকৰাৰ ফলত গাওঁ খনৰ মুল যাতায়াতৰ পথটো জহি খহি গৈছে। পথটোৰ দূৰৱস্থাৰ বাবে শিক্ষাৰ্থী, ৰোগী আৰু শ্ৰমিক আহ যাহ কৰাত ভিষণ সমস্যা হৈছে। ইফালে পথটো অতি দৰকাৰী হোৱা হেতুকে ৰাইজে মাজে সময়ে মেৰামতি কৰে যদিও অতি ব্যস্ত পথ বাবে গাড়ী, ট্ৰেক্টৰ অথৱা গধুৰ যান বাহন চলাচল কৰে আৰু কেঁচা মাটিৰ পথ হোৱা কাৰণে ভাঙি – চিঙি যায়

আৰু যাতায়াতৰ সমস্যা হয়। খৰালিতেই সমস্যা হয় আৰু বাৰিষা পৰিবেশ কেনে পৰিষ্ঠিতি হ’ব সহজেই বুজিৱ পাৰি। উল্লেখ্য যে বকো বিধানসভা সমষ্টিৰ কেন্দ্ৰস্থল আৰু বকো উন্নয়ণ খণ্ডৰ নিচেই কাষৰ বকো বজাৰৰ গাতে লাগি থকা গাওঁ কালিয়াবড়ী গাওঁৰ মাজেৰে পাৰ হৈ যোৱা পথটোৰ আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায় দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। তৎস্বত্তেও গুৰুত্ব দিয়া নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। পথটো আধুনিকীকৰণ কৰাৰ বাবে বাৰাম্বাৰ আবেদন নিবেদন কৰা হৈছে যদিও গুৰুত্ব দিয়া নাই চৰকাৰ কিম্বা সাংসদ, বিধায়ক, পৰিষদৰ পৰিষদীয় সদস্য সকলে। ইফালে পথটো ইমানেই শোচনীয় যে মানুহ নামৰ প্ৰাণীটো

যাতায়াত কৰা সম্ভৱ নহয়। বৰ্তমান বাৰিষাৰ বতৰ যি কোনো সময়তে মানুহৰ ৰোগ হয় ইফালে শিক্ষা প্ৰতিষ্ঠানত পৰীক্ষাকে ধৰি অন্যান্য কাৰ্য্যসূচী অব্যাহত আছে লগতে শ্ৰমিক সকলে জীৱিকাৰ সন্ধানত যাতায়াত কৰিব লগা হৈছে তেনে ক্ষেত্ৰত যাতায়াতকাৰীয়ে যমৰ যাতনা পাই আহিছে। সেয়ে পথটো অতি শীঘ্ৰে আধুনিকীকৰণ কৰাৰ আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভূক্তভোগী ৰাইজে।

Leave A Reply

Your email address will not be published.