ashomiyapatrika.com

থাৰ্ড থিয়েটাৰৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ

0 33

গুৱাহাটীঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ মানসেৰে ২০ জুন কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে থাৰ্ড থিয়েটাৰৰ উদ্যোগত ১৬ জুন ৰবিবাৰে পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত পুৱা ১০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত কবিতা আবৃত্তি, তেখেতৰ গীতৰ আধাৰত নৃত্য আৰু এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অতি সফলভাৱে আয়োজন কৰা হয়। অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে জনপ্ৰিয় কন্ঠশিল্পী কল্লোল বৰঠাকুৰ, সামাজিক সাংস্কৃতিক কৰ্মী গোপাল জালান, বৰঠাকুৰ আই এ এচ একাডেমীৰ পৰিচালন সঞ্চালক বন্দনা বৰঠাকুৰ, থাৰ্ড থিয়েটাৰৰ সভাপতি ক্ষীৰোদ নাথ দাস, সম্পাদক বিজিত

কুমাৰ দাস আৰু উদযাপন সমিতিৰ সভাপতি হিমাংশু হাজৰিকাই৷ ‘মোৰ কবিতাৰ ছন্দ লাগি’ শীৰ্ষক গীতত এটি সুন্দৰ নৃত্য পৰিবেশনেৰে থাৰ্ড থিয়েটাৰৰ ছাত্ৰ ছাত্ৰী সকলে মঞ্চ মুকলি কৰা অনুষ্ঠানটিত কবিতা আবৃত্তিত ক শাখাত প্ৰথম স্থান নিষ্ঠাজিতা ডেকা, দ্বিতীয় স্থান আদৱিক প্ৰীতম আৰু তৃতীয় স্থান লাভ কৰে বহ্নিমান হাজৰিকাই৷ খ শাখাত প্ৰথম স্থান নমস্যা প্ৰিয়দৰ্শীনী, দ্বিতীয় স্থান অভিনন্দা কলিতা আৰু তৃতীয় স্থান কৃষ্ণাঞ্জলী ডেকাই লাভ কৰিবলৈ সক্ষম হয়৷ ঔম এচ বৰেণ্যম আৰু জাগিৰোড কলেজৰ অভিনয় বিভাগৰ দুটি মনোমোহা নৃত্য পৰিবেশনৰ পাছতেই আৰম্ভ হোৱা নৃত্য প্ৰতিযোগিতাত ক শাখাত প্ৰথম স্থান মাধুমিতা দাস,

দ্বিতীয় স্থান নিষ্ঠাজিতা ডেকা, তৃতীয় স্থান কৃষ্টি স্নেহা লালুং আৰু খ শাখাত প্ৰথম স্থান ধৃতি দাস, দ্বিতীয় স্থান পৰিস্মিতা দাস, তৃতীয় স্থান দৃষ্টিমণি হালৈয়ে লাভ কৰিবলৈ সক্ষম হয়। চিত্ৰাংকণ প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান কৰিস্মিতা কলিতা, দ্বিতীয় স্থান নিবিৰ ৰাজবংশী, তৃতীয় স্থান বিকি ৰাজ কাশ্যপ আৰু খ শাখাত প্ৰথম স্থান অভিজ্ঞান কলিতা, দ্বিতীয় স্থান এনি কাশ্যপ আৰু তৃতীয় স্থান হিয়াংশু কাশ্যপে অধিকাৰ কৰে। জেষ্ঠ সাংবাদিক মন্টু শইকীয়া, ছবি নিৰ্মাতা লৰ্ড দাস আৰু প্ৰতিযোগিতাৰ বিচাৰক আবৃত্তিকাৰ দিপাঞ্জলী দাস পাঠক, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী অৰুন্ধতী চৌধুৰী, ওস্তাদ বিচমিল্লাহ খাঁ যুৱ বঁটাৰে সন্মানিত সত্ৰীয়া নৃত্য

শিল্পী জলীমণি শইকীয়া আৰু জনপ্ৰিয় নৃত্য শিল্পী বনলতা বৈশ্যৰ উপস্থিতিত সকলো কণমানিয়ে ভাস্কৰ্যশিল্পী দিগন্ত মাধৱ গোস্বামীৰ হাতত প্ৰাণ পাই উঠা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিকৃতিৰ আৰ্হিত নিৰ্মিত পুৰস্কাৰসমূহ গ্ৰহণ কৰি অতিশয় আনন্দিত হয়৷ উক্ত অনুষ্ঠানটিত থাৰ্ড থিয়েটাৰৰ আগন্তুক কাৰ্যসূচী ১ জুলাইৰ পৰা ১৯ জুলাইলৈকে হ’বলগীয়া প্ৰযোজনাভিত্তিক অভিনয়, মূকাভিনয় আৰু নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ৯৮৬৪০৯২৭০৯ আৰু ৮৪০৩৯৫৬৮৪১ নম্বৰ দূটিও ঘোষনা কৰা হয়৷

Leave A Reply

Your email address will not be published.