উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি
গুৱাহাটীঃ আজি দিনৰ ভাগত অহা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে আজি দুপৰীয়া ১ বাজি ২১ মিনিট ৩০ ছেকেণ্ডত প্ৰায় ১৭ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৫ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া মণিপুৰৰ কংপকপি জিলাৰ উত্তৰ পূৱ দিশৰ ২৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে মৃদু প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ ক’তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই৷