ashomiyapatrika.com

বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰাত উৎফুল্লিত ৰাভা হাছংবাসী

0 44

পৰিষদৰ ৰাজনৈতিক কোষৰ দ্বাৰা আদৰণি যাত্ৰা

বকোঃ দেশৰ নিৰ্বাচনী আয়োগৰ প্ৰস্তাৱিত সমষ্টিৰ তালিকাত অসম প্ৰদেশৰ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰাত সন্তুষ্টি প্ৰকাশ কৰি আজি বকোত আঁদৰণি যাত্ৰা শীৰ্ষক সমদল কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ বাবে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কামৰূপ জিলাৰ ৰাজনৈতিক কোষে আজি আদৰণি জনায়। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পৰা বকো পৰিষদীয় সমষ্টিত উলিওৱা হয় আদৰণি যাত্ৰাৰ কাৰ্য্যসূচী। আদৰণি যাত্ৰাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা, উপাধ্যক্ষ ৰমা কান্ত ৰাভা, নিখিল

ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা, আৰছুৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইজন বিষয় ববীয়া, পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী, ফ্ৰাইলিন আৰ মাৰাক, আদিত্য ৰাভা, সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰী, নিখিল ৰাভা মহিলা পৰিষদৰ বিষয় ববীয়া সকল, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজনৈতিক কোষৰ বিভিন্ন পদবীধাৰী সকলৰ উপৰিও জাতি জনগোষ্ঠীৰ নেতৃবৃন্দই আদৰণি যাত্ৰাৰ সমদল কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে। ইফালে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ তথা ৰাজনৈতিক কোষৰ সভাপতি সুমিত ৰাভাই জনোৱা মতে ভাৰতীয় নিৰ্বাচন আয়োগে সদ্য ঘোষিত বিধানসভা সমষ্টিত বকো আৰু দূধনৈক অনুসুচীত

জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰাত ৰাভা হাছংবাসী উৎফুল্লিত হৈ পৰিছে। ৰাভা হাছংবাসীৰ ৰাজনৈতিক স্বভিমানৰ বাবে সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে অতি প্ৰয়োজনীয় আছিল। সেয়ে ভাৰতীয় নিৰ্বাচনী আয়োগে ৰাভা হাছং বাসীৰ মনৰ ভাৱ বুজি পাইছে আৰু আজি আমি সুখী অনুভৱ কৰিছোঁ বুলি আনন্দৰে ঘোষণা কৰে। আজিৰ আদৰণি যাত্ৰাৰ সমদল কাৰ্য্যসুচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডাই। আদৰণি সমদল যাত্ৰাৰ পিছতে বকো গান্ধী মৈদানৰ ৰঙ্গমঞ্চত আয়োজন কৰা এক পথ সভাত ৰাভা হাছং প্ৰধান টংকেশ্বৰ ৰাভাই

ৰাভা হাছং বাসীৰ আবেগ অনুভূতিৰ প্ৰতি সন্মান জনাই ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে বকো আৰু দূধনৈ বিধানসভা সমষ্টি দুটা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰিছে। আদৰণি যাত্ৰাৰ কাৰ্য্যসূচীত কেৱা সহশ্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.