ashomiyapatrika.com

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ আৰু হোষ্টেল মেছ মাছুলৰ সমস্যাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীক এবিভিপিৰ স্মাৰক পত্ৰ প্ৰদান

0 58

গুৱাহাটীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধিনত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ভৰ্তি মাছুল ওভোটাই দিবলৈ দাবী জনাই অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰি এখন পত্ৰক প্ৰদান কৰে। উল্লেখযোগ্য যে ২ লাখ টকাতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ ঘোষণা কৰি অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ এখন অভিলাসী আঁচনি গ্ৰহণ কৰিছিল। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ এক জাননী জাৰি কৰি এই বিষয়ে অৱগত কৰিছিল। সেই জাননীৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো নামভৰ্তিৰ সময়ত লোৱা মাছুল

সমূহ ওভতাই দিয়া হ’ব বুলি এক জাননী জাৰী কৰিছিল। কিন্তু বৰ্তমান সময়লৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় খনৰ হোষ্টেলত থকা বহুতো ছাত্ৰ-ছাত্ৰীয়ে আজিকোপতি নিয়মিক ভাৱে চৰকাৰৰ পৰা পাব লগা হোষ্টেল মেছৰ মাছুল পাবলৈ সক্ষম হোৱা নাই যাৰ ফলত বিশ্ববিদ্যালয় খনৰ হোষ্টেলত‌ থকা বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ সময়ত এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক যুটীয়া সম্পাদিকা তথা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক নিহাৰিকা দেৱী, গুৱাহাটী মহানগৰৰ সম্পাদক স্বপ্ননীল হালৈকে প্ৰমুখ কৰি বহু কেইজন এবিভিপিৰ কাৰ্যকৰ্তা।

Leave A Reply

Your email address will not be published.