ashomiyapatrika.com

লোকসভা নিৰ্বাচনৰ ভোটগননাৰ বাবে মৰিগাৱত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ

0 139

মৈৰাবাৰীঃ অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৯ নং নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচন জিলাৰ ভোটগণনাৰ কামত নিয়োজিত বিষয়া- কৰ্মচাৰীসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হৈছে। আজি প্ৰথম দিনা মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত ভোটগণনাৰ কামত নিয়োজিত ১৯৯ গৰাকী বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন হয়। এই প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ত ৫৪৬ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ১৯৯ গৰাকী বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন হ’ব। কাইলৈ প্ৰথম পৰ্যায়ত পবিতৰা হাট প্ৰেক্ষাগৃহত ১৩৪ গৰাকী বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন হ’ব। অহা ৩১ মে’ত

জিলা পুথিভৰাঁল প্ৰেক্ষাগৃহত প্ৰথম পৰ্যায়ত ২১৩ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ১৯৯ গৰাকী, মুঠ ৪১২ গৰাকী বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন হ’ব। এই প্ৰশিক্ষণত প্ৰতিদিনে চাৰিগৰাকীকৈ মাষ্টাৰ ট্ৰেইনাৰে কাউন্টিং ছুপাৰভাইজৰ, কাউন্টিং এচিষ্টেন্ট, মাইক্ৰ’ অবজাৰ্ভাৰ আৰু আন বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ প্ৰশিক্ষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ ভোটগণনাৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক ভোটগণনাৰ ক্ষেত্ৰত থকা সৰু-সুৰা খুটি-নাতিসমূহ মাৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে

মৰিগাঁও মহাবিদ্যালয়ত অহা ৪ মে’ৰ পুৱা ৮ বজাৰ পৰা মৰিগাঁও নিৰ্বাচন জিলাৰ তিনিটা সমষ্টি ক্ৰমে ৫২ নং জাগীৰোড, ৫৩ নং লাহৰীঘাট আৰু ৫৪ নং মৰিগাঁও সমষ্টিৰ ভোটগণনা কৰা হ’ব। ডাক বেলটৰ গণনা নগাঁৱত সম্পন্ন হ’ব।

Leave A Reply

Your email address will not be published.