ashomiyapatrika.com

ডাউন টাউন বিশ্ববিদ্যালয়ত লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰা ড° ময়ূৰ হাজৰিকা

0 185

গুৱাহাটীঃ মহানগৰীৰ পানীখাইতিষ্ঠিত উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আজি ‘সফলতা সভা -প্লেচ মেণ্ট-২০২৩’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোৱে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ব্যতিক্ৰমী সাফল্য আৰু বিভিন্ন খণ্ডৰ সংগঠনসমূহত তেওঁলোকৰ সফল স্থানক স্বীকাৰ আৰু প্ৰশংসা কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে সদ্য ঘোষিত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰি ৰাজ্যলৈ সুনাম

কঢ়িয়াই অনা ড° ময়ূৰ হাজৰিকা৷ ড° হাজৰিকাই ভাষনত ইচ্ছা আৰু ধৰ্য শক্তি থাকিলে জীৱনত সফলতা লাভ কৰিব পাৰি বুলি কয়৷ ড° হাজৰিকাই লগতে তেওৰ অভিজ্ঞতাৰ কথা উপস্থিত ছাত্ৰ-ছাত্ৰী তথা বিশ্ববিদ্যালয়ৰ পৰিয়াল আৰু অভিভাৱকৰ মাজত ব্যক্ত কৰে। অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিচালন ট্ৰাষ্টী জ্যোতিষ্মান দত্তই উষ্ম আদৰণি ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ প্ৰতি অপৰিসীম গৌৰৱ প্ৰকাশ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা গঢ়ি তোলাৰ বাবে বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক আলোকপাত কৰে। বিশ্ব বিদ্যালয়ৰ এডভান্সমেণ্টৰ সহযোগী সঞ্চালক ৰিমঝিম বৰুৱা বৰাই অনুষ্ঠানত উপস্থিত থকা আৰু সহযোগ কৰা সকলোকে ধন্যবাদ জনায়।

Leave A Reply

Your email address will not be published.