কামৰূপ জিলাত গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি
নিউজ ডেক্সঃ যোৱা এসপ্তাহ ধৰি কামৰূপ জিলাত তাপমাত্ৰা অত্যাধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে বিদ্যালয় চলি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক অত্যাধিক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে আৰু তেওঁলোকৰ সুস্বাস্থ্যৰ দিশত এক পদক্ষেপৰূপে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিবেচনা আৰু পৰামৰ্শমৰ্মে অহা ২৭ মে’ৰ পৰা জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচীৰ ক্ষেত্ৰত কেতবোৰ সালসলনি কৰিছে।
কামৰূপ জিলাৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত এই সময়সূচী প্ৰযোজ্য হ’ব। এই সময়সূচী অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.০০বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ত পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ আৰু উচ্চ মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১. ০০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ২৭ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নতুন সময়সূচী প্ৰযোজ্য থাকিব।