ashomiyapatrika.com

উত্তৰ গুৱাহাটীৰ মাজগাঁও পাৰঘাটত ব্ৰহ্মপুত্ৰত পৰি জাহাজৰ কৰ্মচাৰী ধনজিত ইংতিৰ মৃত্যু

0 57

গুৱাহাটীঃ সুৰক্ষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছতো ভৰা লুইতত পৰি জাহাজৰ কৰ্মচাৰী ধনজিত ইংতিৰ মৃত্যু হোৱাৰ বাতৰিয়ে উত্তৰ গুৱাহাটী অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে বাৰিষাৰ লগে লগে ব্ৰহ্মপুত্ৰই ভয়াবহ ৰূপ ধাৰণ কৰে৷ বাৰিষাৰ প্ৰতিটো দিনটেই ভৰা লুইতত সংঘটিত হয় দুৰ্ঘটনা৷ আজিও তেনে এক অঘটন ঘটিল উত্তৰ গুৱাহাটীৰ মাজগাঁও পাৰঘাটত৷ জাহাজৰ পৰা পৰি এজন কৰ্মচাৰীৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে এম ভি পুঠিমাৰী নামৰ জাহাজখন পাৰঘাট চপোৱাৰ সময়ত এম ভি বাঘবৰত কৰ্মৰত কৰ্মচাৰী গৰাকী পানীত পিছলি পৰে৷ ভৰা লুইতৰ সোতত পৰি মৃত্যু হোৱা কৰ্মচাৰীজন ধনজিত ইংতি বুলি জানিব পৰা গৈছে৷ বহুসময় পিছত জাহাজৰ কৰ্মচাৰী, স্হানীয় লোক আৰু এছডিআৰএফৰ প্ৰচেষ্টাত সলিল সমাধি ঘটা ধনজিত ইংতিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.