বকোৰ খঁটখটীত লাঙাবুঢ়া পূজাত অপায় অমঙ্গল নাশ কৰাৰ অৰ্থে ইষ্টদেৱতাক সমুহীয়া সেৱা
বকোঃ ৰাজ্যৰ অন্যতম জনগোষ্ঠী ৰাভা সমাজৰ পৰা দুখ বেদনা অপায় অমঙ্গল নাশ কৰাৰ উপৰিও সমাজৰ পৰা অসুয়া অপ্ৰিতি দুৰ কৰিবলৈ সমুহীয়াভাৱে লাঙাবুঢ়া পূজা আয়োজন কৰা হয়। এই ধৰ্মীয় তথা সম্পুৰ্ণ মাংগলিক পৰম্পৰা আজি কামৰূপ জিলাৰ বকোৰ খঁটখটীতো পালন কৰা হয়। খঁটখটি ৰাইজ গয়ৰহৰ সভাপতি লাৱন ৰাভা আৰু সম্পাদক নাৰায়ণ বড়ো আৰু গাওঁৰ যুৱ সমাজ কৰ্মী ৰঞ্জন ৰাভাই জনোৱা মতে অতিজৰে পৰা ৰাভা জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰি আহিছে লাঙাবুঢ়া পূজা। এই বেলিও যুগ যুগান্তৰ পৰম্পৰাৰে আজি সম্পুৰ্ণ যথা ৰীতি নীতিৰে আয়োজন কৰা হৈছে লাঙাবুঢ়া পূজাৰ। বৃহৎ গাওঁ খনৰ প্ৰতি ঘৰ পৰিয়ালৰ পৰা
সহযোগীতাৰে আয়োজন কৰা পূজাত মানুহৰ লগতে জীৱ জন্তূৰ উপৰিও শষ্য মশ্যৰ আপায় অমঙ্গল নাশ কৰিবলৈ ইষ্টদেৱতাক সমুহীয়া ভাৱে সেৱা জনোৱা হয়। যথা ধৰ্মীয় ৰীতি নিয়মেৰে পালন কৰা পূজা ভাগিত সহযোগ আগবঢ়াই ৰাভা ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি আনন্দ ৰাভা, বড়ো ছাত্ৰ সন্থাৰ বিষয় ববীয়া, ৰাভা জাতীয় পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ ৰাভা, জ্যেষ্ঠ্য সমাজ কৰ্মী ৰবিন ৰাভা, হৰেণ ৰাভাকে ধৰি বহু সমাজ সংগঠকে।