ashomiyapatrika.com

খাদ্য সামগ্ৰীকে ধৰি ঔষধৰ দাম নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰঃ চিপিআই(এম)

0 32

গুৱাহাটীঃ চি পি আই(এম)ৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত গুৱাহাটীৰ মাজমজিয়াত আজি অত্যাৱশ্যকীয় খাদ্য বস্তু, পেট্ৰ’লজাত সামগ্ৰীকে ধৰি অন্যান্য সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰে। জীৱনদায়িনী ঔষধকে ধৰি সকলো ঔষধৰ দাম হ্ৰাস কৰা, নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধৰ বাবে যোগান বিভাগটোক কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা, পেট্ৰ’লজাত সামগ্ৰীকে ধৰি বিদ্যুৎ মাছুল তথা নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আদিৰ শ্লোগান দিয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা দলীয় কৰ্মী লগতে স্থানীয় ৰাইজে। বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে চি পি আই এমৰ

জ্যেষ্ঠ নেতা উদ্ধব বৰ্মন, ৰাজ্যিক নেতা অজিত দাস,তপন শৰ্মা, কামৰূপ মহানগৰ জিলাৰ সম্পাদক বীৰেন শৰ্মা, জিলাৰ নেতা ভবেন্দ্ৰ কুমাৰ কলিতা, ভোলা শৰ্মা, পৰিমল সেন, নিয়তি বৰ্মন। চি পি আই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে উপস্থিত থাকি কয় যে বিজেপি দলে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ঔষধ কোম্পানীকে ধৰি বিভিন্ন বৃহৎ বৃহৎ কোম্পানীৰ পৰা নিৰ্বাচনী ব’ণ্ডৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা সংগ্ৰহ কৰি বয়-বস্তুৰ দাম অবাধে বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন কৰাৰ সুযোগ সৃষ্টি কৰি দিলে। লগতে কয় য়ে বিজেপি দলক শাসনৰ সকলো পৰ্যায়ৰ পৰা আঁতৰ কৰিব নোৱাৰিলে অকল মূল্যবৃদ্ধিয়ে নহয় জনসাধাৰণক প্ৰতিটো ক্ষেত্ৰতে বিপদ

সৃষ্টি কৰি থাকিব। চি পি আই(এম)ৰ ৰাজ্যিক নেতা শতঞ্জীৱ দাসে উপস্থিত থাকি কয় য়ে কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে বিগত সময়ত বয়-বস্তুৰ দাম হ্ৰাস কৰাৰ পদ্ধতিগত ব্যৱস্থা কৰাৰ সলনি চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰী তথা বিধায়কে কিছুমান তুলুঙা মন্তব্য দিয়াহে দেখা গ’ল। অতি আশ্বৰ্যকৰ বিষয় যে দেশত নিৰ্বাচন চলি ধকা সময়তে ৮০০ বিধ জীৱনদায়িনী ঔষধকে ধৰি আলু- পিয়াজ ইত্যাদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী তথা গৃহ নিৰ্মাণ সামগ্ৰী, বিদু্যৎ মাছুল, পেট্ৰ’লজাত সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি কৰি শলঠেকত পেলাইছে ৰাজ্যবাসীক। ফলত সাধাৰণ খাতি খোৱা ৰাইজে ডাইল-চেনী, মাছ-মাংস আদি ক্ৰয় কৰাৰ দূৰৈৰ কথা সাধাৰণ বেমাৰৰ চিকিৎসাৰ

ঔষধ ক্ৰয় কৰি জীৱন বছোৱাটো দূৰূহ হৈ পৰিছে। আনকি চৰকাৰৰ ধাৰাবাহিক দাম বৃদ্ধিৰ নীতিয়ে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালকো আৰ্থিক দিশত মাৰত্মকভাৱে আক্ৰান্ত কৰিছে। উল্লেখযোগ্য যে বি জে পিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ’লজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰি অবিৰতভাৱে জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই আছে। ভুতৰ ওপৰত দানৱ পৰাৰ দৰে আকৌ দাম বৃদ্ধি কৰে সততে ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ ঔষধৰ। লগতে আমি অতি আশ্বৰ্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছো যে উল্লেখিত সময়ছোৱাত চৰকাৰ, প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগে বয়-বস্তুৰ দাম নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ

বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নগ’ল। আপোনালোকৰ সংবাদ মাধ্যমত প্ৰতিদিনে প্ৰকাশ পোৱা স্বত্বেও চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। ফলস্বৰূপে বৃহৎ বৃহৎ ব্যৱসায়ীয়ে বাধাহীনভাৱে অধিক মুনাফাৰ বাবে বয়-বস্তুৰ দাম বৃদ্ধি কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰে আৰু চৰকাৰে নিৰৱে ৰং চাই থাকিল। আজিৰ এই আন্দোলনৰ যোগেদি চি পি আই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে বয়-বস্তুৰ দাম নিয়ন্ত্ৰণ কৰা আৰু অন্যান্য সকলো জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ জিলা তথা ৰাজ্যখনৰ ৰাইজক আহ্বান জনায়।

Leave A Reply

Your email address will not be published.