বকোত লুইত পৰীয়া বা-বাতৰি গোষ্ঠীৰ উদ্যোগত গণমুখী সাংবাদিকতাৰ ধ্বজ্বাবাহী পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী পালন
বকোঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱাৰে সত্য নিষ্ঠা আৰু সাহসীকতাৰে সাংবাদিকতা কৰি নাম উজলোৱা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী। ৰাজ্যত গণমুখী সাংবাদিকতাৰ ধ্বজ্বাবাহী সৎ আৰু সাহসী সাংবাদিক পৰাগ কুমাৰ দাসক বিগত ১৯৯৬ চনৰ ১৭ মে’ৰ দিনা গুৱাহাটীৰ মাজমজিয়াত আততায়ীয়ে গুলিয়াই হত্যা কৰে। সেই গৰাকী নিষ্ঠাবান সাংবাদিক গৰাকী আছিল অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্য্যবাহী সম্পাদক। সেই সময়ত তদানীন্তন শাসক গোষ্ঠীৰ লগতে মুনাফালোভীৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰি কলমৰ ধাৰ বোৱাইছিল। তেনে মহান প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসক কামৰূপ জিলাৰ বকোতো স্মৰণ কৰিবলৈ
আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লুইত পৰীয়া বা-বাতৰি গোষ্ঠীৰ পৰিচালনাত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসে। লুইত পৰীয়া বা-বাতৰি গোষ্ঠীৰ পৰিচালন সঞ্চালক বিষ্ণু ৰাম দাসে আত ধৰা অনুষ্ঠানত মৌন প্ৰাৰ্থনা আৰু পৰাগ কুমাৰ দাসৰ সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰা হয়। সংবাদ গোষ্ঠীটোৰ
সম্পাদক বিতোপন ৰাজবংশী, সদস্য জণ্ঠাইগিৰি খাখলাৰী, ধনমণি মেধি, দ্বীপজ্যোতি দাস, জগন্নাথ পাঠকে সহযোগ কৰা অনুস্থানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ কৰ্মী নৱ কুমাৰ, পলাশ বড়োকে ধৰি বহু কেইজন ব্যক্তিয়ে।