কামৰূপ মহানগৰ জিলাত ‘ৰাষ্ট্ৰীয় ডেংগু দিৱস’ পালন
গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত গুৱাহাটীৰ বৰা চাৰ্ভিছস্থিত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ অধীনত তথা কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালৰ উদ্যোগত বৃহস্পতিবাৰে ‘ৰাষ্ট্ৰীয় ডেংগু দিৱস’ পালন কৰা হয়। এই দিৱসৰ লগত সংগতিৰাখি এখন স্বাস্থ্য সজাগতা সভাৰ লগতে ছাত্র -ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ বিতৰণ কৰা হয়। সজাগতা সভাখনত ডেংগু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা কৰা হয়।উক্ত সভাত যুটীয়া স্বাস্থ্য সেৱা
সঞ্চালক (মেলেৰিয়া), অসম ডাঃ বিকাশ ৰঞ্জন গগৈ, সহকাৰী স্বাস্থ্য সেৱা সঞ্চালক (ফাইলেৰিয়া) ড° কুমাৰেন্দ্ৰ নাথ, ডেংগুৰ ৰাজ্যিক ন’ডেল বিষয়া ডাঃ ববীমা শৰ্মা, ৰাজ্যিক জনস্বাস্থ্য পৰামৰ্শদাতা ডাঃ লিজা পাণ্ডা, পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ময়ুৰী শৰ্মা, উলুবাৰী নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ ডাঃ মৃগাক্ষী শর্মা, কামৰূপ মহানগৰ জিলাৰ মেলেৰিয়া বিষয়া মৃদুল তালুকদাৰ, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নীলাক্ষি বৰুৱা, বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰামৰ্শদাতা ড° স্বপ্নালী শইকীয়া, সহকাৰী জিলা মেলেৰিয়া বিষয়া এন হেঙনাকে ধৰি সঞ্জীৱ দত্ত, দীপামণি শইকীয়া, গুলৰেখা বেগম আদি
স্বাস্থ্যকর্মী উপস্থিত থাকে। ‘ৰাষ্ট্ৰীয় ডেংগু দিৱস’ উপলক্ষে জিলাখনৰ বিভিন্ন স্বাস্থ্যসেৱা খণ্ডত আঁঠুৱা ঔষধীকৰণ, সজাগতা সভা, প্ৰচাৰ পত্ৰিকা বিতৰণ আৰু মহৰ উৎপত্তিস্থল হ্ৰাসকৰণ কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰা হয়।