মিৰ্জাস্থিত ডাৰউইন একাডেমীৰ উত্তীৰ্ণ হাৰ ৯৯.২ শতাশ
মিৰ্জাঃ অলপতে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শৈক্ষিক প্ৰতিষ্ঠান ডাৰউইন একাডেমীৰ পৰা এইবেলি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ছাত্ৰ-ছাত্ৰী সকলে চমকপ্রদ ফলাফলেৰে বিদ্যালয়খনৰ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কৰ্তৃপক্ষ তথা শিক্ষক- শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰিছে। বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলত ছাত্ৰ-ছাত্ৰী অনুপাতে পর্যাপ্ত বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান কম, যাৰ বাবে মেধাবী ছাত্র-ছাত্রী সকল অন্য জিলাৰ শিক্ষানুষ্ঠান সমূহলৈ গৈ অধ্যয়ন কৰিব লগা হয়। এই ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ ফলাফলে
সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ডাৰউইন একাডেমীৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত মুঠ ১১৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ঘোষিত ফলাফল অনুসৰি মুঠ ৬৬ গৰাকী প্ৰথম বিভাগ, ৩৮ গৰাকী দ্বিতীয় বিভাগ আৰু ১২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হোৱা ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৫ গৰাকী বিজ্ঞান শাখাৰ ১১ গৰাকী কলা শাখাৰ আৰু ৮ গৰাকী বাণিজ্য শাখাৰ। উত্তীৰ্ণ হাৰ ৯৯.২ শতাংশ। উত্তীর্ণ আটাইকেইগৰাকী পৰীক্ষাৰ্থীক অধ্যক্ষ আৰু শিক্ষক- শিক্ষয়িত্ৰীয়ে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ভবিষ্যতেও এনেকুৱা ফলাফলেৰে একাডেমী খনৰ
গৌৰৱোজ্জল যাত্রা অটুত থাকিব বুলি আশা প্রকাশ কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ৰমেশ চন্দ্ৰ কলিতাই। উল্লেখ্য যে, ২০২১ চনত কিছু সচেতন অভিভাৱকৰ পৰামৰ্শ অনুসৰি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ৰমেশ চন্দ্ৰ কলিতাৰ নেতৃত্বত কেইজনমান উদীয়মান অভিজ্ঞতাপূর্ণ শিক্ষকৰ সহযোগত গঢ় লৈ উঠিছিল ডাৰউইন একাডেমী, মির্জা। প্রকৃতিবিদ ডাৰউইনৰ মতবাদ অনুসৰণ কৰি আৰম্ভণিৰ পৰাই অশেষ কষ্টৰে ছাত্ৰ-ছাত্ৰী সকলক যোগ্য শিক্ষার্থী হিচাপে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰাৰ চেষ্টা অব্যাহত ৰাখিছে শিক্ষক- শিক্ষয়িত্ৰী সকলে।