বকোৰ ২ নং মাকেলীত ৰামধেনু যুৱক সংঘৰ উদ্যোগত মুকলি বিহু সন্মিলনৰ বৰ্নাঢ্য আয়োজন
বকোঃ অমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ হেঁপাহৰ ৰঙালী বিহুয়ে অসমীয়া জাতিসত্তাক প্ৰতিফলিত কৰে।সেয়ে বিহু ববীয়া ৰাইজে ৰঙালী বিহুৰ পৰম্পৰা পালন কৰে। এই ক্ষেত্ৰত বহু আয়োজক সমিতিয়ে মুকলি বিহু সন্মিলন আয়োজন কৰে। বিগত বছৰবোৰৰ দৰে এই বেলিও কামৰূপ জিলাৰ বকোৰ ২ নং মাকেলীৰ বড়োপাৰাত আয়োজন কৰা হৈছে মুকলি বিহু সন্মিলন। ২ নং মাকেলী ৰামধেনু যুৱক সংঘৰ উদ্যোগত এই বেলি নৱম সংখ্যক বাৰ্ষিক মুকলি বিহু উৎসৱৰ আয়োজন কৰা হৈছে। ইফালে ৰামধেনু যুৱক সংঘৰ সভাপতি দ্বীপজ্যোতি বড়ো, উপ সভাপতি প্ৰদীপ বসুমতাৰী আৰু সম্পাদক নলিনী মালো, সহকাৰী সম্পাদক নৃপেন কৈৱৰ্ত আৰু মুল
আয়োজক পবিত্ৰ কৈৱৰ্ত্তৰ লগতে ৰঙালী বিহুৰ মুকলি বিহু সন্মিলন আয়োজক সমিতিৰ বিষয় ববীয়া সকলে জনোৱা মতে অহাকালি ২৯ ব’হাগ অৰ্থাৎ ১২ মে’ত দিনা এদিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে মুকলি বিহু সন্মিলনৰ। মুকলি বিহু সন্মিলনৰ বৰ্ণাঢ্য কাৰ্য্যসূচী অনুসৰি পুৱা বিহুৰ পতকা উত্তোলন, শ্বহীদ তৰ্পণ, সম্বৰ্ধনা অনুস্থান, সাংস্কৃতিক মঞ্চ উদ্ধোধন, অনুস্থানত বিহু হুঁচৰিৰ লগতে ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন আৰু বিশেষ ভাৱে আমন্ত্ৰিত শিল্পীৰ গীত মাত পৰিবেশন কৰাৰ উপৰিও নৃত্যৰ সমাহাৰ ঘটোৱা হ’ব।