ashomiyapatrika.com

বকোত বনাঞ্চলিক বিষয়াৰ অভিযানত অসাধু কাঠ ব্যৱসায়ী ৰাজেশ্বৰ ৰাভা আটকঃ জেললৈ প্ৰেৰণ

0 34

বকোঃ ৰাজ্যৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন সুৰক্ষা বিষয়াৰ তালাচীত হাতে লোতে ধৰা পৰিল এগৰাকী বন ধ্বংসকাৰী। প্ৰাপ্ত খৱৰ মতে কামৰূপ জিলাৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ এলেকা হালধিপাৰাৰ বনাঞ্চলত মুল্যবান শাল গছ কাটি থকা অৱস্থাত এজন লোকক গ্ৰেপ্তাৰ কৰে বন সুৰক্ষা কৰ্মীয়ে। ঘটনা সন্দৰ্ভত শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই জনোৱা মতে যোৱাকালি দিনৰ ভাগত হালধিপাৰা বনাঞ্চলৰ ভিতৰত তহল দি থকা সময়ত শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে চুবুৰীয়া ৰাজেশ্বৰ ৰাভাৰ গৃহত মুল্যবান শাল গছৰ ফলা কাঠ আৰু তক্তা উদ্ধাৰ কৰে। হালধিপাৰা গাওঁৰ ৰাজেশ্বৰ ৰাভা নামৰ ব্যক্তি

জনক বনাঞ্চলৰ ভিতৰত শাল গছ কটাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে। ইফালে চোৰাংকৈ কাঠ বিক্ৰী কৰা লোক জনৰ ঘৰৰ চৌহদৰ পৰাও ফলা কাঠ উদ্ধাৰ হয়। জানিব পৰা মতে লোক জনে দীৰ্ঘ দিনৰ পৰাই এই কাৰ্য্যত জড়িত হৈ আছিল। ইফালে বন বিষয়া গৰাকীৰ এনে নিস্বাৰ্থ চৰকাৰী সেৱাৰ বাবে শলাগ লৈছে সমাজ সচেতন ৰাইজে।

Leave A Reply

Your email address will not be published.