ashomiyapatrika.com

বকোৰ পানেৰীত বিতৰ্কিত জমিত অসাধু চক্ৰৰ শেঁনচকুঃ আৰক্ষীয়েও দিয়া নাই সুৰক্ষা

0 36

বকোঃ একাংশ অসাধু ভূমি দখলদাৰীয়ে এটা সহজ সৰল পৰিয়ালৰ নিদ্ৰা হৰণ কৰিছে। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত পানেৰী গাওঁত সংঘটিত হৈছে এনে দুখ:জনক ঘটনা। মাটি জমি বেদখল কৰা ঘটনা সন্দৰ্ভত জানিব পৰা মতে আৰু ভুক্তভোগী পৰিয়ালে জনোৱা মতে বাহঁজানী গাওঁৰ জোৎস্না ৰাভা স্বামী অতুল ৰাভাই দিয়া অভিযোগ মতে তেওঁলোকৰ নিজৰ জমি ৩০ নং পাট্টাৰ ২৬ নং ডাগৰ ওপৰত সুদীৰ্ঘ দিন ধৰি ঘৰ বান্ধিঃ ভৰাবাৰীত তামোল পানৰ গছ পুতি সম্পূৰ্ণ গৃহস্থৰ দৰে বসবাস কৰি আহিছোঁ। ইয়াৰ পিছতে আমি আমাৰ কিছু আঁতৰৰ জমিত ঘৰ বান্ধি আছোঁ। কিন্তু আমাৰ নিজৰ জমিত উক্ত গাওঁৰ দূষ্মন্ত ৰাভা, শুক্ৰজীৎ ৰাভা, জগদীশ

ৰাভা সহ তেওঁলোকৰ পিতৃ সোণেশ্বৰ ৰাভাই জোৰজৱস্তি কৰি অখ্যাত শক্তিৰ বলত মাটি ডৰাত বল পূৰ্বক দখল কৰাৰ বাবে উঠি পৰি লাগিছে। নাম উল্লেখিত দূৰ্বীত্বৰ দলটোৱে বাৰে বাৰে চৌহদত বেৰা দিয়ে। আমিও বাৰে বাৰে বেৰা খন দিওঁ যদিও তেওঁলোকে ভাঙি পেলাই আৰু কাজিয়াত লিপ্ত হয়। এই ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত লিখিত অভিযোগ দিয়া হৈছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সু বিচাৰ কৰা নাই। ইফালে পানেৰী গাওঁ ৰাইজ গয়ৰহ আৰু গাওঁ প্ৰধানে লিখিত প্ৰমাণ পত্ৰ দিছে যে উক্ত জমি অতুল ৰাভাৰ হয়। ইফালে এক ৰহস্যজনক কাৰণত অসাধু চক্ৰটোৱে বাৰে বাৰে দখলৰ চেষ্টা চলাই আহিছে। যুগ যুগ ধৰি অতুল ৰাভাৰ পৰিয়ালে বসবাস

কৰি আহিছে। নিজৰ জমিত পিতৃৰ মৃত্যুৰ সকলো কাৰ্য্য ক্ৰিয়া আয়োজন কৰিছে। আনহাতে উক্ত স্থানতে অতুল ৰাভাৰ পিতৃৰ মৃত্যুৰ ষ্মৃতি সজীৱ কৰি ৰখা স্মৃতি স্তম্ভ বহু বছৰ ধৰি স্থাপন কৰা আছে আৰু বছৰে মৃত্যু বাৰ্ষিকীত স্মৰণ কৰি আহিছে। তৎস্বত্তেও অসাধু চক্ৰটোৱে ধনবল বাহুবল প্ৰয়োগ কৰি মাটিডৰা কাঢ়ি লোৱাৰ চেষ্টা কৰি আহিছে। ইফালে আৰক্ষীৰ নিলুপ্ততাৰ সুযোগ লৈ যোৱা ৭ মে’ৰ লোকসভা নিৰ্বাচনৰ দিনা পুৱতি নিশা দূৰ্বিত্তৰ দলটোৱে জমিডৰাত নতুনকৈ বাহৰ বেৰা দিয়ে আৰু বস্তিত থকা সমুদায় তামোল পাৰি একপ্ৰকাৰ চোৰ ডকাইটৰ দৰে গোপনে লৈ যায়। এয়াও এক প্ৰকাৰৰ

অন্যায় বুলি ক্ষোভ প্ৰকাশ কৰে ভূক্তভোগী পৰিয়ালটোৱে। এই ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসন আৰু ৰাজহ বিভাগৰ কৰ্তৃপক্ষক বিষয়টোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালটোৱে।

Leave A Reply

Your email address will not be published.