ashomiyapatrika.com

কন্যা শিশুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ওদালগুৰি জিলা সমাজ কল্যান বিভাগৰ প্ৰচাৰ অভিযান

0 41

ওদালগুৰিঃ বহু সময়ত আমাৰ সমাজত কন্যা শিশুৰ প্ৰতি আবেহেলা কৰা দেখা যায়, যাৰ ফলত শিশু জন প্ৰকৃত সুৰক্ষা আৰু অধিকাৰ প্ৰতি বঞ্চিত হৈ আহিছে। এনে সময়তে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ লগতে ‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ অধীনত আজিৰে পৰা ওদালগুৰি জিলা নাৰী সবলীকৰণ কেন্দ্ৰ আৰু জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত সজাগতা মূলক প্ৰচাৰ অভিযান আৰম্ভ কৰে। দেশজুৰি কন্যা শিশুক শিক্ষা দিয়া, কুসংস্কাৰৰ পৰা মুক্ত কৰাৰ লক্ষ্য উদেশ্য এই সজাগতা কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জিলা সমাজ কল্যান বিষয়া বডিয়াজামান আহমেদে জানিবলৈ দিয়ে। উক্ত প্ৰচাৰ অভিযানত সহযোগ কৰে এম আৰএছডি এনজিঅৰ অধ্যক্ষ মিলন দাসে।

Leave A Reply

Your email address will not be published.