ashomiyapatrika.com

পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ উইথ ডিছেবিলিটিছৰ এশ শতাংশ ছাত্ৰ – ছাত্ৰী উত্তীৰ্ণ

0 31

গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আজি ঘোষিত ফলাফলত গুৱাহাটীৰ তেতেলিয়াস্থিত আৰু ২০১৭ চনত প্রতিষ্ঠা লাভ কৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতি প্রাপ্ত পূৰ্ব্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰচন উইথ ডিছেবিলিটিছ (পিপুদ) ৰ পৰা কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হোৱা ৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। পিপুদৰ সঞ্চালকে জানিবলৈ দিয়া মতে ইয়াৰ ভিতৰত হেমলিন মহন্তই প্ৰথম বিভাগ ষ্টাৰ নম্বৰ লাভ কৰিছে। তেনেদৰে জিন্টুমনি দাসে প্রথম বিভাগসহ ২ টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে পৰিমা ৰাভা, বিবেক দত্ত আৰু বন্দিতা শর্মাই প্রথম বিভাগসহ এটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে। আনহাতে জুৰি ডেকাই প্ৰথম বিভাগ লাভ কৰিছে৷ প্ৰতিষ্ঠানখনৰ ফালৰ পৰা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্বল শৈক্ষিক ভবিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰা হৈছে।

Leave A Reply

Your email address will not be published.