লোকসভা নিৰ্বাচনঃ পুৱাই নুনমাটিত বিদ্যালয়ৰ সম্মুখত অভিভাৱক সকলৰ মাজত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ
গুৱাহাটীঃ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটী লোকসভা সামষ্টিত নিৰ্বাচনী বতাহ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলে এইবেলি গুৱাহাটী সমষ্টিটো দখল কৰাৰ বাবে উঠি পৰি লাগিছে। গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে গুৱাহাটীৰ চুকে কোনে ব্যপক প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। নুনমাটি জাতীয় বিদ্যালয়ৰ সন্মুখত আজি পুৱা ৭:৩০ বজাতে উপস্থিত হৈ বিদ্যালয়লৈ অহা বিদ্যালয় খনৰ অভিভাৱক সকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই মীৰা বৰঠাকুৰে। সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থী
গৰাকীয়ে কয় যে, প্ৰচাৰৰ নামত শাসক দলে সাধাৰণ ৰাইজক ভয় ভীতি প্ৰদৰ্শণ কৰিছে। মই ভাবো গুৱাহাটী লোকসমষ্টিৰ পৰা ৰাইজক বলিষ্ঠ ভাবে কথা কব পৰা এজনৰ প্ৰাযোজন। সেই বাবে এতিয়া মোৰ প্ৰতি সকলোৱে সঁহাৰি দিছে। মই যদি দুৰ্বল প্ৰার্থি হয় তেন্তে গৃহ মন্ত্ৰী অমিত স্বাহে মোৰ নাম কিয় লব লগা হৈছে। মূখ্যমন্ত্ৰীয়ে মোক কিয় শুভেচ্ছা দিছে বুলিও প্ৰশ্ন কৰে। মোৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দহ দিনৰ ব্যৱধানত গুৱাহাটী লৈ আহিছে। তাৰোপৰি মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ ভাতৃ ভগ্নী পৰিয়ালৰ সকলোৱে ফিল্ডত নামিব লগা হৈছে। মন্ত্ৰী পিযুষ হাজৰিকাটো খঙত মহিলাক গতিয়াই দিছে। মই যে দুৰ্বল
প্ৰাৰ্থী নহয় সেয়া তাৰে প্ৰমাণ। মোৰ বিশ্বাস গুৱাহাটী বাসী ৰাইজ যথেষ্ট শিক্ষিত, গুৱাহাটী বাসী ৰাইজে এতিয়া বুজি উঠিছে গুৱাহাটীত কিমান উন্নয়ন হৈছে। সেয়ে এইখন চৰকাৰ পৰিবৰ্তন কৰিবৰ বাবে হাতৰ ছবিত ৰাইজে ভোট দিব বুলি বৰঠাকুৰ আশাবাদী বুলি মত ব্যক্ত কৰে।