ashomiyapatrika.com

৩০ জুনৰ ভিতৰত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ

0 49

গুৱাহাটীঃ যান-বাহনৰ বকেয়াসহ চলিত বিত্তীয় বৰ্ষৰ সকলো কৰ সংগ্ৰহৰ সমান্তৰালভাৱে ৰাজপথত সকলোৰে বাবে সদাসুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে পৰিবহণ বিভাগে জোৰদাৰ অভিযান চলাইছে। বিগত সময়চোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে চলোৱা অভিযান কালত ডিমাণ্ড নটিছ প্ৰেৰণ, ফোন আৰু মেচেজযোগে আনকি ৰাজহুৱাকৈ ঘোষণা কৰিও সকলো শ্ৰেণীৰ যানবাহনৰ মালিক, কতৃপক্ষক যানবাহনৰ বকেয়াসহ যাৱতীয় কৰ পৰিশোধ কৰি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে ৷ তৎস্বত্বেও যানবাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰখাৰ ক্ষেত্ৰত বিভিন্ন বিসঙ্গতি ধৰা পৰাৰ

উপৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়া, যানবাহন চলোৱাৰ নীতি-নিৰ্দেশনা সমূহ মানি নচলা আদি বিভিন্ন গুৰুতৰ অভিযোগত হাজাৰৰো অধিক বাহনে অতিৰিক্ত জৰিমণা ভৰাৰ উপৰি বহু বাহন জব্দ হ’বলগীয়াৰ দৰে ঘটনা সংঘটিত হৈছে। সেয়ে কামৰূপ মহানগৰ জিলাৰ তিনিগৰাকীকৈ জিলা পৰিবহণ বিষয়া ক্ৰমে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে এইক্ষেত্ৰত পূৰ্বতকৈও অধিক তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰে ৷ ইফালে জিলা পৰিবহণ

বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ অভিযানকাৰী দলে মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত অভিযান আৰম্ভ কৰিছে৷ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সময়মতে যানবাহনৰ কৰ পৰিশোধ নকৰা সকলো শ্ৰেণীৰ বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা, যানবাহনৰ মালিক, স্বত্বাধিকাৰী সকলোকে অহা ৩০ জুনৰ ভিতৰত যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰা আৰু চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ফিটনেছ, ইঞ্চিউৰেঞ্চ, প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰসহ সকলো নথিপত্ৰ সঠিক কৰি লগত ৰাখিহে গাড়ী চলাবলৈ আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.