জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাসৰ অৱসৰী বিদায় সভাঃ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত উষ্ণ সম্ভাষণ
বকোঃ মানৱ সম্পদ গঢ়া কমাৰশালাৰ দায়িত্ব সামৰি চৰকাৰী বিধি মতে আজি অৱসৰ গ্ৰহণ কৰে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাসে। কামৰূপ জিলাৰ বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক প্ৰবোধ চন্দ্ৰ দাসৰ আজি বিদায় সম্বৰ্ধনা সভা। উল্লেখ্য যে মহাবিদ্যালয় খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত কৃষ্ণকান্ত সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক মনোজ্ঞ পৰিবেশত আয়োজন কৰা হৈছে উপাধ্যক্ষ গৰাকীৰ বিদায়ী সম্বৰ্ধনা সভা।সভাত অধ্যাপক গৰাকীৰ শৈক্ষিক আৰু বৌদ্ধিক জ্ঞানৰ উপৰিও অধ্যাপনাৰ দায়িত্বৰ লগতে কৰ্তব্যৰ
ওপৰত আলোকপাত কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাণেশ্বৰ নাথে সঞ্চালনা কৰা বিদায়ী সম্বৰ্ধনা সভাত অংশগ্ৰহন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ ড° নৃপেন গোস্বামী, মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড° ধীৰাজ কুমাৰ দাস, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সভাপতি তথা বকো সাহিত্য সভাৰ সম্পাদক জনাৰ্দ্দন বড়ো, শংকৰদেৱ শিশু বিদ্যা নিকেতন ডাকুৱাপাৰা বকোৰ প্ৰধান আচাৰ্য্য বিজন ৰাভাকে ধৰি বহু বিশিষ্ট ব্যক্তি। অনুস্থানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বহু শুভাকাংশীয়ে সহযোগ কৰে। বিদায়ী সম্বৰ্ধনা সভাত অধ্যাপক গৰাকীক গামোচা, শৰাই, মানপত্ৰ, জাপি ; ফুলৰ থোপা ; কিতাপৰ টোপোলা আৰু অন্যান্য সামগ্ৰীৰে উষ্ণ সম্ভাষণ জ্ঞাপন কৰে।