ashomiyapatrika.com

বিশেষ আৰক্ষী বিষয়াসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

0 38

গুৱাহাটীঃ যি সময়ত অসম চৰকাৰে অসমৰ দুখীয়া ৰাইজৰ পৰিৱৰ্তনৰ কথা কৈ ঢাক- ঢোল বজাইছিল ঠিক সেই সময়তে অসমৰ বিটিএডি (কোকৰাঝাৰ-২০১২ চন) ত উগ্ৰপন্থী আৰু গোষ্ঠীগত সংঘৰ্ষত নিযুক্তি হৈ থকা বিশেষ আৰক্ষী বিষয়া (এছপিঅ’) সকলৰ অৱনতিহে ঘটিছিল। অসম চৰকাৰৰ নির্দেশমর্মে এছপিঅ’ সকলে প্ৰায় ৫ বছৰ কৰ্তব্য কৰাৰ পাছত উক্ত স্থানবোৰত শান্তিবাতাবৰণ ঘূৰি আহে আৰু তাৰ পাছতে কৌশলগতভাৱে অসম চৰকাৰে এছপিঅ’ সকলক কৰ্তব্যৰ পৰা বহিষ্কাৰ কৰে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে৷ সংগঠনটোৰ সভাপতি নৰেশ্বৰ কুমাৰ নাথ

আৰু সম্পাদক শ্ৰীমন্ত দাসে আজি এখন সংবাদমেল সম্বোধন কৰি কয় এছপিঅ’ সকলে নিষ্ঠা আৰু সততাৰে অতি ভিতৰুৱা তথা দুর্গম অঞ্চলসমূহত কৰ্তব্য কৰি সেই ঠাইৰ ৰাইজৰ শাস্তি ঘূৰাই আনিছো বুলি উল্লেখ কৰে। কাৰন সেই অঞ্চলত পাৰ্মানেণ্ট ফৰ্চ যেনে- চিআৰপিএফ, বিএছএফ, এছএছবি, এপিবিএনয়ে ভিতৰুৱা অঞ্চলসমূহত স্থায়ীভাৱে থাকি কৰ্তব্য কৰিবৰ কাৰণে অনিচ্ছা প্ৰকাশ কৰে। কাৰণ তেওঁলোকক যাতায়াত, লেট্‌ৰিন- বাথৰুম, খোৱা পানী, কাৰেন্ট লাগে, তেতিয়াহে সিহঁতে কর্তব্য কৰে। কিন্তু এছপিঅ’ সকলে সেইবোৰ বিচৰা নাছিলো বুলিও কয়৷ এজোৰ খাকী পোছাক পিন্ধি হাজাৰ বিপদ- বিঘিনি নেওচি সাহসী জোৱান হিচাপে

কৰ্তব্য কৰি সেই ঠাইৰ ৰাইজৰ শান্তি ঘূৰাই আনিছো। শেষত ৰাইজৰ শান্তি ঘুৰি আহিল, কিন্তু এছপিঅ’ সকলৰ শান্তি ঘুৰি নাহিল। আহিল মাথোঁ অন্ধকাৰ এটি জীৱন। আমি সাহসেৰে ক’ব পাৰো যে অসম পুলিচৰ এজন কনিষ্টবলে যি দায়িত্ব আৰু কৰ্তব্য পালন কৰে, আমিও কৰিব পাৰো। গতিকে সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক সকিয়াই দিব বিচাৰিছো যে আগন্তুক অসম পুলিচ কনিষ্টবলত যি কনিষ্টবল ল’ব, তাৰ ভিতৰত অনলাইনত নাম থকা প্ৰায় ১২১৪ গৰাকী এছপিঅ’ জোৱানৰ ভিতৰত ১৪৫ জন জোৱানক নিযুক্তি দিয়া হ’ল। বাকী থকা এছপিঅ’ সকল অৱশেষত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কোনো সঁহাৰি নোপোৱাৰ কাৰেণ উচ্চ

ন্যায়ালয়ৰ কাম চাপিবলৈ বাধ্য হবলগীয়া হল৷ ইপিনে উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পিছতো অসম চৰকাৰৰ কোনো সঁহাৰি পোৱা নাই বাকী থকা এছপিঅ’ সকল। সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক কথাখিনি অৱগত কৰিবলৈ বাধ্য হ’লো বুলি উল্লেখ কৰে সভাপতি নৰেশ্বৰ কুমাৰ নাথ আৰু সম্পাদক শ্ৰীমন্ত দাসে৷

Leave A Reply

Your email address will not be published.